ভোলানাথ দাস।
সীতাহৰণ কাব্য।
লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি,
দাশৰথি ৰঘুপতি পঞ্চবটী বনে
তপস্বীৰ বেশে, ভক্ষি বন্য ফল মুল
তপস্বী আহাৰ, যবে ছিল। বনবাসে;
কিৰূপে ৰাৱণ বলী লঙ্কা অধিপতি
হৰিলা জানকী সীতা,—যিটো অপৰাধে
মৰিলা সবংশে পাছে ৰাক্ষস ঈশ্বৰ।
দেৱকুল অৰি,—সেহি ৰামায়ণ গীত
গাইবে বাঞ্চিছোঁ আমি মুঢ় অকিঞ্চন,
অমিত্ৰ অক্ষৰ ছান্দে, হে মাতঃ! বাগ্দেবি!
যি ছন্দে গাইলা- বহু মধুময় গীত
তব অনুগ্ৰহে, অতি প্ৰিয় পুত্ৰ তব
শ্ৰীমধুসুদন বঙ্গ কবিকুল মণি,
অতি দূৰাকাঙক্ষা কিন্তু কৰিছোঁ মনত
হীন আমি শ্বেতভুজে! অবুজ অন্তৰে
কিয় হল ইচ্ছা—নাজানো কাৰণ;
সুদূৰ আকাশস্থিত নক্ষত্ৰক দেখি,
উঠিতে ইচ্ছয় ক্ষুদ্ৰ খদ্যোত পিপৰা
নিজতেজ প্ৰকাশিয়া অতি গৰ্ব্ব মনে;
কিন্তু ক্ষুদ্ৰ দেহী প্ৰাণী হীনবল অতি,
ইচ্ছিলে কি হব? পাছে অপাৰগ হুয়া
সলজ্জ অন্তৰে হায় অধোগামী হোৱে।
আমিও কৰিছোঁ, দেবী, সিমত দূৰাশা,
দেহে কিন্তু নাহি বল, নাহি কোনো গুণ;