পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪১
ডেকা কাল।

 আৰু আছে কিছুমান
 যাক পোৱা বৰ টান,
কল্পনাত বাজে কভু দৰ্শন নহয়
ইহ জন্মে নৰে তাক ঢুকিও নাপায়।

 এই দৰে কিছু পোৱ।
 আৰু যত পলৰীয়া,
ইচ্ছা বোৰে দিয়ে দুঃখ যৌৱন কালত,
সদায় অসুখ এটা ঘটায় মনত।।
 যেতিয়া জুৰাব তেজ,
 কমিব মনৰ বেগ,
উষ্ণ উত্ৰাৱল ভাব ক্ৰমে কমি যাব,
প্ৰৱল পৱন গই কিছু সাম্য হৱ।

 হব মন কিছু ধীৰ
 মতি হব ক্ৰমে থিৰ,
ইচ্ছাই ধৰিব ৰূপ গই নিয়মিত,
সুস্থিৰ গভীৰ হব মানুহৰ চিত।
 তেতিয়া কি সুখ পাব
 অসুখৰ হেতু যাব,
শান্তি আহি কোলা পাতি লব তেতিয়াই,
জুৰাব শৰীৰ মন কোনো চিন্তা নাই?

 মানুহৰ এই কাল,
 হব পাৰে কিছু ভাল,
আৰু দেখা যায় ভাল লৰা কাল বৰ
নাই চিন্তা ভাব একো সুখৰ আকৰ।
 কিন্তু গৰু ছাগলিতো
 দেখা যায় সুখ ইটো,
আনেহে দেখিব তাক পায় সৰ্ব্বদাই
ভোগোতাই তাৰ একো গমকে নাপায়।

৫৬