পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৭
লৰা কাল।

 নিজান ভৰলু দাঁতি
 বহি তাতে কাণ পাতি,
শুনিছিলোঁ কলকলি প্ৰখৰ সোঁতৰ,
লইছিলো সুশীতল বাৱ আনন্দৰ।

কপৌৰ মধুৰ মাত লই সমীৰণ,
ধীৰে ধীৰে বই যায় দুই প্ৰাণ মন,
 সেই সুখে হাত ভৰি।
 নিশ্চল অবশ কৰি,
টোপনিৰ ৰস আনি দিয়ে গাত ঢালি,
চকুৰ পতাও কমে যায়গই হালি।

কলা ঘুমটীয়া হই থাকোঁ ময় তাত,
কত আছোঁ কত নাই তত নাই গাত,
 নাই বুজ শৰীৰৰ,
 নাই জ্ঞান জীৱনৰ,
কিন্তু কেতিয়াবা আহি পুথি মাছবোৰে,
টুপকৰি জাঁপ মাৰি ধ্যান ভঙ্গ কৰে।

মনত পৰেহি মোৰ আগৰ সময়,
আছিল যেতিয়া ধৰা সুখৰ আলয়,
 হাঁহিছিল খিলি খিলি,
 গাইছিল ঢুলি ঢুলি,
ৰঙাটুনী ফেচুলুকা আদি পক্ষী বোৰে,
নাচিছিল হালি হালি বকুল টগৰে।

কাণ কুৰুলিয়ে পুৱা কুলু কুলু কৰি,
ৰঙ্গাফুলে ৰঞ্জিত মদাৰত পৰি,
 পীয়ে মৌ হৰ্ষ মনে,
 নাচে বাগে ঘনে ঘনে,
দেখি শুনি কেনে সুখ ময় লভিছিলোঁ,
সিহঁতৰ দৰে হাঁয়! নাচি ফুৰিছিলোঁ।