পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
আসাম দেশব ডাঙ্গবিয়া গন প্ৰভৃতি বিসয়াৰ নিবন্ধ

হাতি বৰুআ, ঘোৰা বৰুআ, এই সকলক দোলা কাসৰিয়া চৰাৰ টুপতে পাতে। দুই চাউডাঙ্গৰ বৰুআক উজনি জখলা মুখৰ চাউডাঙ্গৰ চৰাত পাতে। বৰবাট ঘৰৰ মাজ কোঠা চাঙ্গৰ ওপৰতে কুকু্ৰা চোআ বৰুআ, পচিনি বৰা, বৰ তামুলি, এই সকলক পাতে; এই ঠাইতে কুকুৰা চোৱা বৰা এটাই দুঅৰি বৰুআটো পাতি বাজ দুআৰতকৈ দিএগৈ। বৰ বাট ঘৰৰ পেটে পুৰ ফালে চাঙ্গমাই সালৰ নিচাঙ্গতে চাঙ্গ মাইবৰুআ, জবাধবা বৰুআ, বেজৱৰুআ, এই সকলক পাতে। তিনি দুলিয়া বৰুআক নেওগ বৰাইতকো সৰ্গদেৱৰ দোলা ঘৰত পাতে। এতদ্ভিন্ন বিসয়া খনি এবং মেলডগিয়া ফুকন বৰুআ খনিকো ডাবকা দুআৰাত পাতে। দেৱলিয়া সেৱা চলোআ হঁতক ঐ দুআৰৰ বাজ খনিতে পাতে। ঐ ঠাইতে হাজৰি্কা হঁতকো পাতে। মেলডগিয়াৰ টেকেলাৰ বৰুআ, নেওগ, বৰা, এই বোৰক লেখা কুকুৰাচো বৰাই নিজ মেল ঘৰ কিম্বা দোলা ঘৰতে নিজমেল আইকুৰীদেও বা গোহাই দেৱব অজ্ঞাবে পাতে। কুকুৰা চোগৰ নেওগৰব। এই বোৰক বৰ বাটঘৰতে ওজা লিগিৰাই সৰ্গদেৱৰ আজ্ঞাৰে পাতে। চাউডাঙ্গৰ সইকিয়া বৰা হতক ঐ চাউডাঙ্গ চৰাতে পাতে; দোলকাসৰিয়া বৰা ও বৰ নেওগ ইহতক ঢেকিয়াল বৰুআ দোলা কাসৰিয়া বৰুআৰ পালিৰ মুখৰ ওলাই অহা ঘৰটিতে পাতে। আৰু মেল ডগিয়া ও বৰবৰুআ, বৰফুকন, ও ডঙ্গিৰিয়া সকলৰ বিসই, ও বিলাতত বাজে নেওগ, টেকেলা বৰা বোৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই। হাতি ঘোৰাৰ দুই বৰবৰা গুআহাটিৰ দুই বৰবৰা উজনিৰো দুই বনুআ বৰা, এই বোৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই। কিন্তু কাৰিৰ সইকিয়া খনি মাত্ৰ উজনিয়াৰ বৰবৰুআই পাতে, ভাটিৰ খনি বৰ ফুকনে পাতে। জুৰাৰ বৰা খনি গামেলৰ বৰুআ ফুকনেই পাতে।

 তজবিজ মতে অপৰাধিক দণ্ড কৰাৰ নিয়ম। সৰ্গদেৱে হলে জি ৰকমে দণ্ড কৰাৰ ই্চা হই তদৰুপে কৰে, ইয়াত নিয়ম নাই। ডাঙ্গৰিয়া সকলে ধুমেৰে খুন্দি প্ৰাণ মাৰে, ও তোম বান্ধি পানিত ডুবাই প্ৰাণ মাৰে, অন্য প্ৰকাৰে এবং অস্ত্ৰাঘাতে প্ৰাণ মাৰিব নেপাই। আৰু চকু কাইে, নাক কান কাটে, আঠুৰ ঘিলা কাইে। বৰবৰুআই হলে তেওকে মুখ্য কৰি ফুকন বৰুআ বাজখোআই আপোন আজ্ঞাৰে পতা ভঙ্গা কৰিব পৰা বিসয়া ও তাতকৈ নাম পাইকান, এই সকলক নাক কান কাটে। ইয়াতকৈ ওপৰ লোকক সৰ্গদেৱৰ আজ্ঞা পালেহে গতা গবাল, কোব, ঢাকা এনে দণ্ড কৰিব পাবে। চবাৰ ফুকন খেৰ বিচনি পোআ চমুআ ফুকন, বৰভণ্ডাৰঅ বৰুআ আদি মেল ডগিয়া ফুকন বৰুআ পৰ্জন্ত, এই সকলে হলে বৰ বৰুআৰ দৰেই