ভক্তিৰো নবধা বৃত্তি জানিবা বেকত,
কৃষ্ণ সেবা ধৰ্ম্ম ইতো শুনি প্ৰথমত॥
দ্বিতীয়ত শ্ৰুত ধৰ্ম্ম বাক্যেৰে কীৰ্ত্তন,
কৰিয়া লৈবেক তান বিধিক এহন॥
তৃতীয়ত হৃদি পদ্মে কৃষ্ণ চৰণত,
কীৰ্ত্তিত ধৰ্ম্মক স্মৰিবেক কাৰ্য্যবত॥
চতুৰ্থত সেহি ধৰ্ম্ম সেৱাৰ সাধণ,
ফল পুষ্প কুশাদিক কৰিব গ্ৰহণ॥
পঞ্চমে কৃষ্ণৰ পাদ পঙ্কজ যুগল,
সিতো ধৰ্ম্ম দ্বাৰা অৰ্চ্চিবেক অবিকল॥
ষষ্ঠত পূজাৰ অন্তে কৃষ্ণৰ চৰণ,
স্তবাদিবে ভক্তি নম্ৰে কৰিব বন্দন॥
সপ্তমত কৃতি ধৰ্ম্ম নিবেদি কৃষ্ণত,
দাস্য ভাৱে ৰহিবন্ত নৃপ ভৃত্যৱত॥
অষ্টমত ধৰ্ম্ম মনে সহিতে আত্মাক,
কৃষ্ণ পাৱে সম্পিবেক অকপট বাক॥
নবমে কৃষ্ণেৰে সমে মথিত কৰিব,
যেন তান সাহায্যত অভেদে ৰহিব॥
হেন ভক্তি প্ৰবৃত্তিৰে যি কিছু আচৰে,
যদি ন্যূনাধিক হোন্ত কৃষ্ণ কৃপাবৰে॥
সম্পূৰ্ণ স্বৰূপে ধৰ্ম্ম সিতো নিৰাময়,
নিজ ভৃত্য কত বুলি কৃষ্ণে স্বীকাৰয়॥
এহি ও শাস্ত্ৰৰ ধৰ্ম্ম জানি সৰ্ব্বজন,
ধৰ্ম্মে মতি কৰি ভনা ৰাম নিৰঞ্জন॥