পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
অসমীয়া সাহিত্যৰ চানেকি।


ব্ৰাহ্মণ বদতি মোৰ দেহত বিদিত,
ক্ষুধা নাহিকয় নাই পিপাসা কিঞ্চিৎ।
অভীষ্ট মোহাৰ কৈয়ো কল্যাণী বিষেশ,
আসি আছো তব কাযে পুছিতে নিঃশেষ॥

হেন শুনি পতিব্ৰতা বুলিল বচন,
মই বক নহো যাক কৰিলা শপন॥
যায়ো তুলা ধাৰ প্ৰতি ব্ৰাহ্মণ সত্তম,
তাহাতে তোমাৰ হিত সুধিয়ো পৰম॥

এহি বুলি পতিব্ৰতা গৃহ অভ্যন্তৰ,
চলিলেক শীঘ্ৰ কৰি স্বামী সেবা পৰ।
তাহাতো দেখিল বিপ্ৰে মুক গৃহ প্ৰায়,
গৃহ আকাশত তেজময় বিপ্ৰ কায়॥

বিমৰ্ষিয়া বিস্ময়েৰে বাহিৰাইল পথ,
পদুলিতে দেখিলেক বিপ্ৰ মহাৰথ।
আছে বহি পূৰ্ব্বে দৃষ্ট সিতে বিপ্ৰৰাজ,
সম্মুদ্ধিয়া বলিলন্ত উপস্থিত কাজ॥

যি কহিলা পথে পিতা সতীৰ ব্ৰতক,
সকলো দেখিলোঁ‌ মই তাবদে সত্যক॥
কিন্তু মোৰ যথা বৃত্ত চণ্ডালো তাৱত,
সতীয়ো জানিলা কেনমতে সুবেকত॥

বিস্ময়েৰে সমাবিষ্ট হুয়া মোহময়,
কিছু নাবুলিয়া ফিৰি আসিল। নিশ্চয়॥
হৰি নিগদতি বিপ্ৰ সাধ্বী ধম্মপৰা,
সবাৰৰ কাৰণ জানে জ্ঞান অনাবৰা॥