পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ধৰ্ম্ম পুৰাণ ৷

পতিৰ সমৃদ্ধি মিষ্ট অন্নক দিৱয়,
কালে শুভ বস্ত্ৰ দেন্ত বাণী প্ৰীতিময়ী॥
পতি ক্ৰুদ্ধ হৈলে হোৱে মৌনী সুচৰিতা,
তুষ্টিত মধুৰ বাক্য ভাষিণী বিণীতা॥

হেনয় সমগ্ৰ গুণে যুতা মহাশান্তি,
পতিতা লক্ষণ জানিবা লোক কান্তি॥
এহি গুণান্বিতা সাধ্বা ইতো পতিব্ৰতা,
যায়ো তাঙ্ক বোলা কাম তোমাৰ নিযতা॥

সেহি তো সাধুৰ অষ্ট পত্নী আছেতয়,
তাহাৰ মধ্যত বৰ বৰ্ন্নিনী নিশ্চয়॥
ৰূপ যৌবনেবে যুক্তা লজ্জাৱতী সাৰ,
যশস্বিনী শুভা নাম বিখ্যাত প্ৰচাৰ॥

তঙ্ক গৈযা পুছা তব হিত সাৰ দেক,
এহি বুলি ভগবান তৈছে পৰতেক॥
অন্তবান ভেল তান আগতে সাক্ষাত,
ব্ৰাহ্মণো দেখিও গৈবা গৃহত তপাত॥

দ্বাৰৰ কোনাত থিত আছে পতিব্ৰতা,
তঙ্গ দেখি ব্ৰাহ্মণেয়ে পুছিয়া নিয়তা॥
ব্ৰাহ্মণ বদতি মাতা মোৰ যিতো হিত,
কৈযো তুমি দেখি আছা জ্ঞানৰ দৃষ্টিৰ॥

পতিব্ৰতা বদতি পতিৰ অৰ্চ্চা কাল ,
সাম্প্ৰতে হুইয়াছে মোৰ জানিবা বিশাল॥
অতো পৰে কৈবো হিত তোমাব সাম্প্ৰত,
আতিথ্যক লৈয়ো বাপ হুয়া শান্ত মত॥