পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
ধৰ্ম্ম পুৰাণ।


পতিতাদিক তুমি দেখিয়া বেকত,
তেবেসে মোহোক তুমি জানিবা নিয়ত॥
বিপ্ৰ নিগদতি তাত কোন পতিব্ৰতা,
কিম্বা তান ব্ৰত কোন কাৰণে নিয়তা॥

আমি সব যাও গুৰু এহি সকলক,
কৈয়ো মোত সাব সেবি প্ৰশ্ন উত্তৰক॥
হৰি নিগদতি নদী মধ্যে গঙ্গা দেবী,
স্ত্ৰীৰ মধ্যে শ্ৰেষ্ঠ জানা পতিব্ৰত সেবী॥

মনুষ্যৰ মাঝে নৰপতি শ্ৰেষ্ঠ হয়,
দেৱতাৰ মধ্যে জনাৰ্দ্দন কৃপাময়॥
যাক পতিব্ৰতা বোলে শুনা লক্ষণক,
নিতান্তে পতিৰ হিত ৰত নিয়ামক॥

জনক ভৰ্ত্তাৰ এহি দুই গোত্ৰ জাত,
শত শত পুৰুষক উদ্ধৰি সাক্ষাত॥
স্বৰ্গক চলিযা পতিব্ৰতা পতি সম,
অভৃত সমপ্লব কাল সুখক পৰম॥

ভোগক কৰিয়া পতি সমে ভ্ৰংসিতয,
পৃথিবীত জনমিয়া পতিক নিশ্চয়॥
সাৰ্ব্বভোম ৰাজা কৰি তান মুখ্যভাজ,
মহিষী প্ৰধান হুয়া ভুঞ্জে ভোগ কাজ॥

পুনু স্বৰ্গে পুনু বাজ্যে এহি মতে সিতো,
পতিব্ৰতা ভোগ কৰে পতি সেৱা যিতো॥
এন ক্ৰমে শত জন্ম লভিয়া আছ,
মোক পাৱয় গতিসমে সুবেকত॥