তবে তান স্মন বাস গগনে নুধায়,
ক্ষেপন কৰিলে আসে ভূমি পুনৰায়॥
হেন দেখি ভৈল বিপ্ৰে বিষাদিত মন,
তদা তাঙ্ক বুলিলন্ত আকাশি বচন॥
যায়ো বিপ্ৰ মুক নাম পৰম ধাৰ্ম্মিক,
চণ্ডালক বিনয়েৰে পুছা ধৰ্ম্মাদিক॥
তাহাতে জানিবি ধৰ্ম্ম তাহান বচন,
হৈবেক তোমাৰ কাৰ্য্যে ক্ষমতা সাধন॥
আকাকাশৰ হন্তে হেন শুনিয়া বচন,
গৈলেক মুকৰ গৃহে ব্ৰাহ্মণ নন্দন॥
সমস্ত আৰম্ভে সেৱে পিতা মাতৰক,
মুকক দেখিল বিপ্ৰ গৈয়া মন্দিৰক॥
শীতকালে প্ৰাতসতে তপ্ত জলচয়,
তৈল আৰ বহ্নি তাপ তাম্বুল নিশ্চয়॥
সূতিবাক তুলি আৰ নেহালি কাপৰ,
বসিবাক নীচাসন তপ্ত অন্নবৰ॥
দুগ্ধ ষড়ৰস আৰ বসন্ত কালত,
সুগন্ধি মধুক মালা আনো ভোগ্য যত॥
উষ্ণত বিছয় সদা ভক্তি নম্ৰ কায়,
এহি মতে সেৱে পিতা মাতাক সদায়॥
তান দুইৰ পূজা কৰি ভুঞ্জন্ত সৰ্ব্বথা,
নিবাৰন্ত মশ আৰ সন্তাপক তথা॥
এহি সব পূণ্য দ্বাৰা হুয়া সন্তোষিত।
তান গৃহ মধ্যে বিষ্ণু কৰিলন্ত থিত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
অসমীয়া সাহিত্যৰ চানেকি ৷