পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ধৰ্ম্ম পুৰাণ ৷

ইহাতে পূৰ্ব্বৰ বৃত্ত কৈবো প্ৰমাণক।
শুনা দ্বিজগণ যত্নে বাক্যৰ অৰ্থক॥
যাহাক শুনিলে পুণ্য মোহক সাম্প্ৰত।
নাযাইবাহা তো সব কৰ্ম্মৰ কাণ্ডত॥

পুৰা এক নৰোত্তম নামত ব্ৰাহ্মন।
আছিলন্ত ভুবি খ্যাত পূণ্য আচৰণ॥
সিতে বিপ্ৰে পিতৃ মাতৃ দুইকো অনাদৰি।
তীৰ্থ সেৱা কামে গৈল বিধি অনুসৰি॥

তীৰ্থক সেবিয়া বিপ্ৰ ফুৰন্ত তাহাৰ।
অনন্ত তীৰ্থৰ সেৱা লভি শুদ্ধ সাৰ॥
স্নান বাস গণ আকাশত দেন্ত চাৰি।
নিৰালম্বে বস্ত্ৰ সব শুখান্ত বিহাৰি॥

তবে ব্ৰাহ্মণৰ মনে ভৈল অহংকাৰ।
মোৰ সম নাহি আন সিতো পুণ্যকাৰ॥
সূতিয়া বৃক্ষৰ তলে সিতে কৰ্ম্মাধান।
ইহেন উক্তিকে কবিছন্ত একদিন॥

এক বকে তান মুখে ভৎসৰ্ন কৰল,
ক্ৰোধত ব্ৰাহ্মণে সিতো বকক শপিল॥
বিপ্ৰ শাপে ভস্ম হুয়া শৰীৰ বকৰ,
পৃথিবীত পৰিলন্ত আগতে বিপ্ৰৰ॥

তাতো তেজ আপোনাৰ কৰিয়া মানন,
দাম্ভিক ভাৱত পূণ্যে ভৈলেক মোহণ॥
যদি পূণ্য কাৰী হেন আম্মাত নিশ্চয়,
চিত্তৰ উচ্চক তৈল দম্ভৰ বিষয়॥