পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
দৰঙ্গৰাজবংশাৱলী ৷

তাকো ৰাজযোগ্য বণ্টাক দিল,
দেশৰ প্ৰবৃত্তি বাৰ্ত্তা পুছিলা।
দুইহান্তকো ৰাজা থৈলন্ত পাতি,
অদ্যাপি কহন্ত যাহাৰ খ্যাতি॥

পাছে ডুমৰুৱা দেশে আইলা,
তাৰ নৃপতিয়ে বৰি লৈ গৈলা॥
তাৰ পৰা পাছে ছিলাৰাই।
চিৰং দেশক মাৰিলা যাই॥

এমন প্ৰকাৰে ভ্ৰমিলা ৰাজা,
পালিলা সমস্ত দেশৰ প্ৰজা॥
উৎসব মঙ্গল আনন্দ কৰি,
প্ৰবেশিলা যাই আপোন পুৰি॥

অম্ৰাৱতী সম প্ৰকাশ কৰে,
হয় হস্তী ৰাৱে কৰ্ণক ফাৰে॥
প্ৰজাৰ আন্দোলে কাম্পন্ত মহী।
দশো দিশে ৰোল গৈলন্ত বহি॥

শঙ্খ ভেৰী কালি দুণ্ডুভি ঢোল,
বাদ্যত পৰিল স্বৰ্গৰ কোল॥
উৰুলী পাৰিলা সুন্দৰী গণে,
ব্ৰাহ্মণে আশিষ কৰিলা ঘনে॥

ভণে ৰতিকান্ত অলপ মতি,
গদাধৰ বিষ্ণুভৃত্যৰ নাতি,
গজিন্দ্ৰক গ্ৰাহে ধৰিলা জলে,
ৰহিলন্ত হৰি ভক্তিৰ বলে,
কাল গ্ৰাহে ধৰি অদ্যপি আছে,
ৰাম হৰি সবে ঘুষিয়ো পাচে॥

______