এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
অসমীয়া সাহিত্যৰ চানেকি
চুটিয়াক পূৰ্ব্বে অসমে মাৰি।
তাৰ ৰাজ্য পাট লৈলন্ত কাঢ়ি॥
মেৰি মেৰি তাৰ আছিলা ভাই।
বৰিলা ৰাজাক ধৰিলা পাই॥
তাক কৃপাই নৰনাৰায়নে।
পাতিলন্ত বাহ বাৰিৰ থানে॥
কতো দিন ৰাজা বঞ্চিলা তথা।
আত অনন্তৰে শুনিয়ে কথা॥
স্বৰ্গৰাজা থানে পঞ্চিলা দূত।
কহিয়ো ৰাজাত কথা প্ৰস্তুত॥
বৰে যদি আসি নজাও খেদি।
খেদিয়া যাইবোহো নবৰে যদি॥
শীঘ্ৰে দূতে যাই পত্ৰক দিলা।
পত্ৰ খানি সভা মধ্যে মাতিলা॥
শ্ৰী শ্ৰী মল্লদেব ৰাজেশ্বৰ।
লিখিতমিদং শূন্য নৰেশ্বৰ॥
আসিলোহো আমি তোমাৰ ঠাই।
পুৰ চাৰি কিয়া গৈলা হাৰাই॥
কিঞ্চিতো অপ্ৰিয আচাৰা নাই।
আসি দৰশন দিবাক পাই॥
নহিবা আমাক দিয়োক ৰণ।
তেবে পন্থগ্ৰাম হবয় শোভন॥
আমি হাৰো কিবা হাৰা আপুনি।
দৈবৰ লিখিত বুঝিব কুনি॥