হবিষ্যান্ন হুয়া ৰাজা পিতৃক চিন্তিলা,
তিনি দিন অনন্তৰে দৰিশন দিলা॥
ভস্মে বিভূষিত দেহা বৰ্ণ ফটিকৰ,
ব্যাঘ্ৰ চৰ্ম্ম শূল অস্থি মাল্য জটাধৰ॥
হৰে বোলে কলি যুগে অদৃশ্য লোকৰ।
তথাপি ভৈলাহো দৃশ্য খেদতো তোহৰ॥
হওঁ তোৰ পিতৃ খেদ নকৰিবি মনে।
মোৰ কৃপা বিনে ৰাজা হৈবে পাৰে কোনে॥
দেখি বিশ্বসিংহে অতি হষক লভিলা,
নৰসিংহক দেখাই অষ্টাঙ্গে নমিলা॥
নমো গঙ্গাধৰ দক্ষ যজ্ঞ বিনাশন,
নমো উমাপতি সোম সূৰ্য্যাগ্নি নয়ন॥
নীলকণ্ঠ ভস্ম মুণ্ড মালা জটাধাৰী,
খট্টাঙ্গ ত্ৰিশূল ধাৰী নমো ত্ৰিপুৰাৰি॥
এবমাদি স্তুতি নতি কৰি সন্তোষিলা,
অজৰ অমৰ বৰ নৃসিংহে প্ৰাৰ্থিলা॥
হৰে বোলে কলি যুগে এই বৰ নাই,
ত্ৰিতয় অবস্থা তই লভিবি সদাই॥
প্ৰাতসত শিশু যুব হৈবি মধ্যাহ্নত,
বৃদ্ধ অবস্থাক লভিবিহি সাযহ্নত॥
নিশা দুই চাৰি দণ্ড মাৰিয়া থাকিবি,
এবং এমে উত্তৰ দিশত ৰাজা হৈবি॥
এহি বৰ নৰসিংহ কোমৰে লভিলা॥
স্বৰ্ণ হনুমন্তি দণ্ড নৃপতিক দিলা॥