পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
দৰঙ্গৰাজবংশাৱলী


অষ্টাদশ কোমৰ জন্মিলা নৃপতি।
তাসম্বক পৰীক্ষা কৰিলা ৰুচিৰ॥
সুবৰ্ণৰ যৱ ধান্য তাম্ৰ সেতু লোহা।
মৃত্তিকাৰো টোপলি বান্ধিলা নৰ লাহা॥

কোমৰ সবক মাতি নিয়া আদেশিলা।
মল্লদেবে মৃত্তিকাৰ টোপলিক নিলা॥
মহাৰাজা হৈব বুলি কৈলা নৰপতি।
দেশ দেশান্তৰে ৰৈব ইহাৰ সুকুতি॥

লোৰ টোপলি আকলিলা শুক্লধ্বজে।
যুবৰাজ হৈব বুলি কৈলা মহাৰাজে॥
ধান্যৰ টোপলি গোহাইকমল নিলন্ত।
যশস্বী হৈবন্ত বিশ্বসিংহে কহিলন্ত॥

সুবৰ্ণৰ টোপলিক নৰসিংহে নিলা।
বিদেশী হৈবন্ত বুলি ৰাজাই কহিলা॥
আনো আনো কোমৰেও ইমতে নিলন্ত।
তাসম্বাৰো কথা বিশ্বসিংহে কহিলন্ত৷৷

এহি মতে কোমৰ গণক পৰীক্ষিলা,
নৰ সিংহ কোমৰক লালনা কৰিলা॥
এক দিনা নৰ সিংহে পুচিলা ৰাজাত,
কোননো তোমাৰ পিতৃ কহিয়ো আমাত॥

অতো দিনে নওঁ‌ দেখো পিতৃক তোমাৰ,
হাঁবেপীয়া বোলে গৃহে পিতৃ নাই যাৰ॥
তুমিও তেমন নিকি কহিয়ো আশ্বাস।
সিদ্ধান্ত নেদিয়া ৰাজা তেজিলা নিশ্বাস॥