চৈধ্য শকে ব্যাল্লিশ যে শক আসি ভৈলা।
মাঘ মাস শুভক্ষণে ৰাজা হুয়া ৰৈলা॥
এহি মত ইন্দ্ৰ সমৰূপে ৰাজা ভৈলা।
যাৰ সীমা দণ্ড অদ্যাপিয়ো জ্বলি ৰৈলা॥
পুৰ্ব্বত দিকৰেই কৰতোয়া পচিমত।
উত্তৰে বিহগ নদ কল্য দক্ষিণত॥
পুবে দক্ষিণৰ সীমা কলিয়া যে বৰ।
জিলাই নদী পশ্চিমত দক্ষিণ পাৰৰ॥
এহি চতুহৰ্দ মধ্যে ভৈলেক নৃপতি।
বেহাৰ নগৰে ৰজা কৰিলা বসতি॥
বেহাৰ পাটত সিংহাসনে ৰাজ। ভৈলা।
সেহি দিনা হন্তে বিশ্বসিংহ নাম থৈলা॥
বাৰ ঘৰি মেচ যিতি পূৰ্ব্বত আছিলা।
তাসম্বাক আনি কাৰ্জ্জি পাতি বণ্টা দিলা॥
বংশ কমলত সূৰ্য্য প্ৰায় নৰপতি।
দুৰ্গতি খণ্ডাইলা একাদশে বৃহস্পতি॥
সমস্ত ৰাজাৰ শিৰোমণি নৰপতি।
হুয়া পালিলন্ত অকণ্টকা বসুমতী॥
অসমে নেদই কৰ দেখি মহাৰাই।
লক্ষ সেমা সঙ্গে লৈ ক্ৰোধে গৈলা ধাই॥
গাঙ্গমুখ যাই পাইলা খৰচ ঢুকাইলা।
হোসকি আসিয়া কন্তে নগৰ সাজিলা॥
দেৱালয় কৰি তৈতে গোসানী থাপিলা।
কছাৰি পূজিতে আজ্ঞা কৰি পাটে আইলা॥