সুবাহু ভৈলন্ত ৰাজা সবাৰো শেষত।
তপ কৰি আছে হিমালয় পৰ্ব্বতত॥
সুবাহুৰ তনয় সুবৰ্ণ নামে আসি।
কলিৰ যুগত ৰাজ্য কৰিলা হৰিষি॥
তাহাক অসুয়া কৰি মন্ত্ৰীয়ে মাৰিলা।
জিতাৰি নামত এক ক্ষত্ৰিয় আসিলা॥
ভক্তিভাৱে মাধৱক সেৱি ৰাজা ভৈলা।
কুবেৰাচলত পাত কৰি ৰাজ্য খাইলা॥১০॥
জিতাৰিয়ে আদি ৰামচন্দ্ৰ ভৈলা অন্ত।
এহিমতে চতুৰ্দ্দশ পুৰুষ গৈলন্ত॥
ৰামচন্দ্ৰ পুৰে এক আছিল সুন্দৰী।
ৰমিলা লৌহিত্যে তাঙ্ক স্নান কালে ধৰি॥
লৌহিত্যৰ বীৰ্য্যে জাত ভৈলা আৰিমত।
ৰাজা হুই পাত কৰিলন্ত বেহাৰত॥
তৈৰ পৰা আসি ৰামচন্দ্ৰক সংহৰি।
কামৰূপ থানে ৰৈলা মাটি গড় কৰি॥
যি ঠাইত আৰিমতে বান্ধিলা নগৰী।
বৈদ্যগড় বুলি তাকে কহে নৰ নাৰী॥
কত দিন অনন্তৰে ফিঙ্গুৱা কোঞৰ।
গড়ৰ উত্তৰে সিন্ধি দিলা ভয়ঙ্কৰ॥
আৰিমত ৰাজাৰ ভাৰ্য্যাক নিলা হৰি।
ভাৰ্য্যা সমে কণ্টকে গাৰিলে তাঙ্ক ধৰি॥
এতেকে প্ৰতাপপুৰে বান্ধিলা নগৰ।
অদ্যাপিয়ো আছে বিশ্বনাথৰ উপৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
দৰঙ্গৰাজবংশাৱলী।