পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অসমীয়া সাহিত্যৰ চানেকি ৷

শুক্লধ্বজে আনিলন্ত লোহাৰ টুপলী।
বোলে যুবৰাজ হৈব এহেঁ মহাৱলী॥
অস্ত্ৰত শস্ত্ৰত ইতো হৈবন্ত পাৰ্গত।
ৰণধৰ্ম্ম সমস্তকে জানিব সাম্প্ৰত॥

যব ধান্য আনিলন্ত গোঁহাই কমল।
বোলে শুক্লযশ হৈব সুকৃতি নিৰ্ম্মল॥
আলি মঠ পুষ্কৰ কৰিব থানে থান।
গোহাঁই কমলক দিলা এতেক বিধান॥

ৰুপৰ টোপোলা ৰামচন্দ্ৰে আনিলন্ত।
ভণ্ডাৰৰ অধিকাৰ তাঙ্ক পাতিলন্ত॥
সেতুৰ টোপোলা আনিলন্ত ময়দান।
শিল সাকোঁ বান্ধিবে বুলিলা থানে থান॥

মেচায়ে আনিলা যিতো সীহাৰ টুপলি।
বুলিলা বন্দুকী হৈ ইতো মহাবলী॥
ৰাঙ্গৰ টোপোলা সুৰসিংহে আনিলন্ত।
সোণাৰীৰ অধিকাৰ তাঙ্ক পতিলন্ত॥

পিতলৰ টোপোলা আনিলা বৃষকেতু।
কমাৰ কহাঁৰ অৰ্পিলন্ত তান হেতু॥
হৰিসিংহে কাংসৰ টোপোলা আনিলন্ত।
গায়ন-বায়ন যত তাহাঙ্ক দিলন্ত॥২৬০॥

মাষৰ টোপোলা নিলে ৰামনাৰায়ণ।
তাঙ্ক দিলা সত্ৰ সভা কৰি নিয়োজন॥
সৰিষাৰ টোপোলাক আনিলা অনন্ত।
তেলী সকলৰ অধিকাৰ পাতিলন্ত॥