পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
পাহৰণি।

পাহৰণি।

কোৱা পাহৰণি, তোমাৰ পেটত
কতনো ৰাখিছা বুৰঞ্জী সুমাই,
চিন্তিলে এবাৰ মৰোঁ পুৰি দেই।
কত জাতি কীৰ্ত্তি খালা গিলি হায!
ই শিল ডুখৰি কোনে কাটিছিলে
কাৰনো হাতৰ ই পুৰণি চিন?
কোনে বান্ধিছিলে শিলৰ আবাস
পমিবা সিজাতি কত হল লীন?
এনে কাৰিকৰী শিলত খটোৱা,
অসভ্য আছিলনে সিজাতি সিদিন।
এই অসমৰ অসভ্য জাতিৰ
পূৰৰ পুৰুষৰ হয় বা ই চিন!
এই লুপ্তচিন পুৰণি নগৰ,
বানৰ নগৰ বুলি যাক কয়,
সভ্য বলৱন্ত আছিল নৃপতি,
যেন মাতে শিলে বুলি হয হয়।
চিন্তাৰ নিনাদে শুনিলোঁ ই ধ্বনি,
বিন্ধিলে শোকৰ জোঙাল শেলে,
প্ৰকৃতিয়ে দিয়া দেশৰ স্নেহটি
তেজ হই ঘনকৈ ধাবেৰ বলে।
ই শোনিতপূৰ, দেখোঁ চাৰিপিনে,
পুৰণি হাতৰ চিনেৰে ভৰা।
নাপাওঁ বিচাৰি অকনো বুৰঞ্জী
কব কোনে কাক সুধিম বতৰা?
হে ভোমোৰাগুৰি নেপাওঁ বিচাৰি।
তুমি বিনা কাকো দিওঁতা উত্তৰ।
শিল খটখটি এই পুখুৰিটী,
কোনে পাতিছিলে ইয়াত নগৰ?