পূৰ্ণিমাৰ ৰাতিলৈ চাই।
হায় হিয়া জ্বলে ইগতি দেখিলে
পৃৰ্ণিমাই নিদিয়ে সন্তোষ মনত।
পূৰ্ণিমা জোনটি ৰূপহী হাঁহিটী
এৰি হাত যোৰোঁ কৰা পলায়ন,
তোমাৰ কিৰণ নকৰে শোভন
দুৰ্ভগা অসম দাপৰ বদন,
লুকুৱা বদন অন্ধকাৰ যেন
আহি গৰাসোক অসম ধৰা,
ই দুটি নয়নে যেন চাৰিপিনে
নেদেখো অসম এলাহত মৰা।
এই নে অসম ?-- নহয় শ্মশান?
মনুষ্যত্ব হীন যত নাৰী নৰ,
উনৈশ শতিকা সভ্য জগতত
কি বাবে সকলো ভিখাৰা পৰৰ॥
এই দেশ খান দোখো সব্বস্থান
স্বৰ্ণ প্ৰসৰিণী, জগত বখান।
যি শষ্য কৰিব উপচি ফলিব
কিয়নো দৰিদ্ৰ অসম সন্তান?
এই দেশখান পৰ্বতে নিৰ্ম্মান
কৰিছে বিধাতা কিননা মনোহৰ,
সকলো পৰ্ব্বত দেখিছোহো যত
মহামূল্যবান বস্তুৰ আকৰ।
তেও অসমীয়া কিয়নো দুখীয়া
হায় কিনো বাবে কেঞাঁৰ ধৰুৱা
চহকী বিদেশী স্বৰ্ণভূমিবাসী
হবা ছি! ছি! কিয় নিজে মগনীয়া?
এই দেশ খানি প্ৰকৃতি নিৰ্ম্মাণ
কৰিছে সকলো সামগ্ৰী ভৰা,
কিয় অসমীয়া এনেনো দুখীয়া
ভগা ঘৰে বাস বৰষুণ পৰা!
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৭
৪৩