সৌ দেখো চীন, অতিকৈ প্ৰাচীন
কানীয়া বুলি যাক জগতে কয়;
বুৰঞ্জীয়ে যাক ভীৰু বুলি ডাক
দিছিল এদিন আজি তাৰ জয়;
দেখো যে ব্ৰিটন ফৰাছ জৰ্ম্মান
কোনেও ওচৰ নেযায় ভয়ত।
কালিৰ জাপানে কেনে ধনে মানে
নাচিছে আহ্লাদে উজলি জগত।
শিল্প বানিজ্যত দেশ পইনত
সবে নৰ নাৰী সৌভাগ্যে ভৰা;
সবে ৰঙ্গমনে হাহিছে সঘনে
হায় হে অসম কিবাবে মৰা।
আহা ওচৰলৈ চাও বোম্বাইলৈ
কোনেনো শিকালে ইমন্ত্ৰ কৌশল।
দেখো বস্ত্ৰ কলে আৰু নানা কলে
বঢ়াইছে তাৰ বিভৱ অতুল।
বহু ৰত্ন ধন লভি বোম্বেবাসী
কেনে শুৱনীকৈ সজায় দেশ!
সভ্যতা আচাৰ কৰিছে প্ৰচাৰ,
জ্ঞানে ধনে সুখী নাই দুখ লেশ।
স্ত্ৰী শিক্ষা পোহৰ নীতিৰ প্ৰচাৰ
হইছে কতনো বাতৰি কাকত।
শিক্ষাৰ উন্নতি বিদ্যাৰ উন্নতি
সাধিছে সি দেশে বৰ উচাহত।
ইবোৰ দেখিলে বৰ হিয়া জলে
অসমৰ দশা পৰেহি মনত,
অসম সন্তান হেৰুৱাই জ্ঞান
যেন মৃতপ্ৰায় এলাহ খাটত।
পূণিৰ্মাৰ জোনটি ৰূপহী হাহিটী
এৰি হাত যোৰো কৰা পলায়ন।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৪
অসমীয়া সাহিত্যৰ চানেকি।