গুণেৰে ভূষিত হৈ একতা দেৱীৰ কোলাৰ সন্তান হৈ পৰে। অসমত এনেকুৱা ধৰ্ম্মভাব কত? ই নোহোৱাৰ কাৰণ কি? ইয়াৰ কাৰণ পৱিত্ৰ ধৰ্ম্মৰ অভাৱ। অসমত কোনো ধৰ্ম্মই নাই। আচল ধৰ্ম্মৰ ভড়ালটো শুদা, নানা তৰহৰ কুসংস্কাৰৰ ভঁড়ালটো হলে ঠাহি ঠাহি ভৰোৱা।
যি জাতি যিমান মূৰ্খ, সি সিমান কুসংস্কাৰ এন্ধাৰত পৰি থাকে; আৰু যি
জাতি যিমান শিক্ষিত হয়, সি সিমান অজ্ঞানতা-কুসংস্কাৰ এন্ধাৰৰ পৰা জ্ঞানৰ
পোহৰলৈ যায়। সত্য যুগৰ মান্ধাতাৰ আমোলৰ পৰা বৰ্ত্তমান কলি যুগৰ ইংৰাজৰ
দিনলৈকে বাছিলে তিনি শ্ৰেণীৰ মানুহ ওলাব। উত্তম, মধ্যম, অধম। যি সকল
মানুহে নিজৰ জীৱনক বলি দিও জগতৰ উপকাৰৰ নিমিত্তে খাটিছিল বা খাটিছে,
মানৱজাতিৰ কল্যাণ সধাই যাৰ ধৰ্ম্ম, আৰু মানৱজাতিৰ সেবাই যাৰ কৰ্ম্ম, এই উত্তম
শ্ৰেণীৰ মানুহক মহাত্মা বোলে। এই শ্ৰেণীৰ মানুহেই গোঁসাই-মহন্ত, এই
শ্ৰেণীৰ মানুহেই ঋষি, এই শ্ৰেণীৰ মানুহেই দেৱতা। যিবিলাক লোকে উত্তম
শ্ৰেণীৰ মানুহ অৰ্থাৎ মহাত্মা বিলাকৰ অনুসৰণ কৰি, মানুহৰ কৰ্তব্য কাম পালন
কৰি, সংসাৰ পাতি, সকলোকে দয়া চকুৰে দেখে, আৰু সংসাৰক নৰক নেপাতি
স্বৰ্গৰ তুল্য সুখময় স্থান কৰে, তেওঁ লোকেই মধ্যম শ্ৰেণীৰ মানুহ। অধম শ্ৰেণীৰ
মানুহকেই নৰ-পশু বোলে। এই শ্ৰেণীৰ মানুহে মানুহৰ কৰ্তব্য বুজ নেপায়।
এই শ্ৰেণীৰ মানুহেই মানুহ জাতিক যিমান নিকৃষ্ট ব্যৱহাৰ কৰিব পাৰে সিমান
কৰে; নিজৰ স্বাৰ্থৰ নিমিত্তে নৰ বলি দিয়া পৰ্যন্ত কামও ভাল ভাবি সুখ লাভ কৰে,
মানুহ হৈ মানুহৰ স্বাধীনতা অপহৰণ কৰে, পাপ কাম বিলাকেই পূণ্য কাম হেন
দেখে, ঈশ্বৰকো নিজৰ স্বভাৱৰ দৰে দেখে, কল্পনাৰে সৈতে নানাবিধ দেৱতা সাজি
অধম স্বভাৱৰ দৰে ঈশ্বৰৰ স্বভাৱকো অধম কৰি, ডকাইতি কৰিবলৈ যাওঁতেই
মঙ্গল বা জয় হবলৈ ঈশ্বৰক পূজা দিয়ে। মিছা সাখী দিবলৈ যাওতেও
শান্তি কম পাতে, এটা মানুহেৰে সৈতে শত্ৰুতা আছে, সেই শত্ৰু মৰিবৰ
নিমিত্তে বটুক পাঠ বা চণ্ডীপাঠ কৰায়। এই শ্ৰেণীৰ মানুহেই আপোনাক
উত্তম শ্ৰেণীৰ মানুহ জ্ঞান কৰি সংসাৰৰ সকলো মানুহকেই ঘিণ কৰে। আৰু এই
শ্ৰেণীৰ মানুহৰ ভিতৰৰ কিছুমান মানুহে যিমান ঘিণ লাগিব লগা কাম আছে,
সিমান জঘন্য কামো কৰে। যিমান কুসংস্কাৰ আছে, এটাইবোৰ এই শ্ৰেণীৰ
মানুহতেই আছে। ভূত, পিশাচ, দানৱ, দৈত্য আৰু ৰাক্ষস, এই শ্ৰেণীৰ মানুহৰ
ভিতৰতেই ভাগ ভাগ কৰিলে ওলাব? জ্ঞানৰ আলোচনা যি জাতিত নাই সেই
জাতিক পশু নুবুলি কি বুলিব পাৰিণ জ্ঞানৰ পোহৰ যি জাতিত যিমান বেছি
৪২