পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
অসমীয়া সাহিত্যৰ চানেকি।

এটা নে এটা কামত কোনোটো লাগতিয়াল হবই হব। বাটে বাটে মাগি ফুৰা মগনীয়াইও কাম কৰি খাবৰ শক্তি নোহোৱা মানুহ বিধক পতিহা কৰিবলৈ সংসাৰক শিক্ষা দিছে। “চক্ৰবৎ পৰিবৰ্ত্তস্তে দুঃখানিচ সুখানিচ;” সুখ কাৰো চিৰকলীয়া নহয়। কাকো কোনেও পতিহা নকৰিলে অৰ্থাৎ ইটোৱে সিটোৰ বিপদৰ ভাৰ লোৱালুই নকৰিলে আজি ধৰি সংসাৰ শ্মশানশালী। আজি ধৰি মানব সমাজ তপত মৰুভূমি। দুখী মগনীয়া বিলাকে সহানুভুতিব জৱনী শক্তিৰ গুড়িত জীপ দি দুখত পৰা মানুহক সহায় কৰিব লাগে বুলি দিনৌ সংসাৰী মানুহক সোঁৱৰাই দিছে। মন কৰি চালে সংসাৰৰ সকলোৱেই সকলোকে উপকাৰ কৰিছে, সকলোৱেই সকলোলৈ কাম কৰিছে। জাতীয় জীৱনৰ কাৰ্য্য বিলাক ছেৰেলি বেৰেলি হলেই তাৰ গুড়িত পোকে ধৰে। এই বাবে প্ৰত্যেক জাতিতেই মহাপুৰুষ বিলাকে মাজে মাজে জন্মগ্ৰহণ কৰি মনুষ্য সমাজৰ কাম বিলাকক নিয়মত বান্ধি অঁতালগাই থৈ যায়হি। এনে নোহাৱা হলে পৃথিবীৰ পৰা কেতিয়াবাই মানব সমাজ লয় পালে হেতেন। সেই মহাপুৰুষে যেতিয়া যি যি জাতিত জন্মগ্ৰহণ কৰে, দৃষ্টান্ত দেখুৱাই পৃথিবী বুজায় যে, মানব জাতীৰ হৃদয় দয়া মমতা, প্ৰেম, ভক্তিৰ থকা ঠাই। মানুহ অকল নিজৰ নিমিত্তে জনম ধৰা নাই, মানুহ মানুহৰ নিমিত্তে জনম ধৰিছে। গৰু ছাগলীৰ দৰে খাই বই পেট ভৰোৱাই জীৱনৰ উদ্দেশ্য নহয়। যি জাতিৰ মানুহে এনে ওখ ভাব ঢুকি পাইছে সেই জাতিয়েই জাতি। আমাৰ শিক্ষিত অসমীয়াৰ ভিতৰত জনচেৰেক ওলাই দেশৰ কল্যাণ সাধি স্বৰ্গীয় জীৱনৰ চানেকি ৰাখিব নোৱাৰেনে? ধাৰ্ম্মিক যেনেকৈ ধাৰ্ম্মিকৰ নিমিত্তে হোৱা নাই, তোমালোক শিক্ষিত বিলাকো তেনেকৈ শিক্ষিতৰ নিমিত্তে হোৱা নাই। ধাৰ্ম্মিক যেনে পাপীৰ জন্য তোমালোকো তেনে মূখৰ জন্য। ধাৰ্ম্মিকে যেনেকৈ ধৰ্ম্মলাভ কৰি অজ্ঞানী পাপীক তৰিবৰ বাট নেদেখোৱা মহাপাপ, তোমালোকেও শিক্ষা লাভ কৰি পণ্ডিত হৈ মুক শিক্ষা নিদিয়া মহাপাপ। ভাবি চোৱা অসম দেশৰ নিমিত্তে তোমালোক, কিমান জগৰীয়া; আজি কালি বহুত শিক্ষিতৰ ধাৰণা এই যে, অসমৰ উন্নতিৰ চেষ্টা এতিয়া বৃথা; দেশৰ মানুহ শিক্ষিত হোৱা নাই। মই এই কথাৰ উত্তৰত তেওঁলোকক সোধে যে তেওঁলোকে শিক্ষা বঢ়োৱাৰ কি উপায় কৰিছে? শিক্ষা অকল কিতাপ পঢ়া আৰু লেখিব জনাই শিক্ষানে? আৰু গোটেই জাতিটেই লৰাৰ পৰা তিৰোতালৈকে কেতিয়াবা লেখা পঢ়া জনা হোৱাৰ সম্ভৱনে? এই দুটি কথাৰ মীমাংসা মুৰ্ত্তি দুটিয়ে চকুৰ আগত থিয় দি দুইটি সাৰুৱা কথা নহয় বুলি সমিধান দিয়ে। যেই সেই শিক্ষাৰেই গুড়ি হৈছে ধৰ্ম্ম। ধৰ্ম্মই মানুহক ৰীতি, নীতি, চৰিত্ৰ সকলোকে