বিষয় বেছি কথা দেখাবলৈ গলে মনক হতাশ ডাৱৰে ঢাকি ধৰেহি, এতেকে কথা বঢ়োৱাৰ কাম নাই, ভালনো কেনেকৈ হব পাৰে তাকহে আলচোঁ। অসম দেশ সোণৰ দেশ, যত প্ৰকৃতিয়ে সোণৰ ভৰাল সাজি থৈছে, আমি অসমীয়া তেনে দেশৰ মানুহ হৈ কিয় দুখীয়া? দুৰৱস্থা নিবাৰণ কৰিবৰ আমাৰ একোটো উপায় নাইনে?
অসমৰ আগৰ জনা চীফ কমিশ্যনৰ মহামতি শ্ৰীযুত এলিয়ত চাহাবে তেওঁৰ বাৰ্ষিক ৰাইজীয়া ৰেপটত প্ৰকাশ কৰিছিল যে, অসম দেশখান এনেদেশ মানুহৰ দুৱাৰৰ মুখতে সোণ বিলাক পৰি পৰি আছে, অজলা অসমীয়াহঁতে তাক বুটলিবলৈ বুজ নেপায়। এই কথাষাৰ এজন দেশৰ গৰাকীয়ে কেনে সোণ ৰূপৰ মুখেৰে কৈ গৈছে। আমাৰ অৱস্থা উন্নতি কৰিবলৈ আমাক কি লাগে? আমাক ৰাজহুৱা মুঠ লাগে। অসমীয়া যদি একে মুঠিৰ মানুহ হব পাৰে, তেন্তে অসমক কিহে নাটে। অকল বিদেশৰ চাউল খিনিকেই অসমলৈ অহা বন্ধ কৰিব পাৰিলেই অসমীয়াৰ ধন কোনে খায়? অসমক একমুঠীয়া কৰাৰ উপায় কি? কিছুমান নিঃস্বাৰ্থ ভাৱৰ উপযুক্ত লোক।
আজিকালি লেখা পঢ়া জনা বিদ্বান মানুহৰ মুখে প্ৰায় ইয়াকেইহে শুনা যায় যে, “সময় হোৱা নাই সময় হলে আপোনা আপোনি উন্নতি হব।” এই কথা ফাকি আলোচনা কৰিবলৈ যাওঁতে যোযোনা এটী মনত পৰিল। ভোকত ভিনিহিদেওৰ প্ৰাণ যায়, খুলশালীয়েকে কয় বোলে “আহোঁক বাৰিষা কাটোক পাত, ৰৈ যা ভিনিহি খাই যা ভাত।” সময় এটা আমি নিজে পাতি লোৱা কথা। ইয়াৰ আচল নাম অনন্ত। সময়ৰ অহা যোৱা কৰিবলৈ হাতত নাই ভৰিও নাই।। কেতবিলাক ঘটনাৰ সলনা সলনিয়েই আমাক সময় বুলি চিনাকী দিয়ে। সময়ক মানুহে যেতিয়াই টানি আনিব তেতিয়াই আহিব। আজি ধৰি আমি উপযুক্ত হলেই আমালৈ ভাল সময় আহিব। সময় আহিবলৈ বাট চাই থকা মানুহ বিধৰ কথা কেনে অপকাৰী, তাৰ দৃষ্টান্ত স্বৰূপ বুঢ়া মানুহ এটাৰ সাধু কথা এফাকিৰ টোকা দিলোঁ। মৰাণ ভগনৰ দিনত দেশত মহাআকাল হওঁতে এঘৰ গৃহস্থই হেনো গোলাম এমখাক আন এখান গাওঁৰ পৰা ধান কিনি আনিবলৈ পঠিয়াইছিল। ৰাতি বৰষুণ অনাৰ বাবে নৈৰ পানী ডাঙ্গৰ হলত গোলামহঁতে কিনা ধানৰ ভাৰ কানতলৈ ঠিক কৰিলে যে, নৈৰ পানী শুকালে পাৰ হোৱা যাব। বিধাতাৰ ইচ্ছা সাত দিন লালিকৈ বৰষুণ হব ধৰিলে। গোলামহঁতে নৈ শুকাবলৈ বাট চাই থাকোতে সিফালে গৃহস্থ মানুহ ঘৰ ভোকলঘোনত মৰি উছন হল। শাওণত মাটি নুৰুই আঘোণত ধান চাবলৈ বিচাৰ কৰাৰ দৰে সময় আহিবলৈ