পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২১
অসমৰ উন্নতি।

এঘৰ মানুহৰ ভাই ভাই বেলেগ হলে মাটিৰ নাটনি পৰিলে এডোখৰ ভাঙ্গি লব পাৰিছে, তেতিয়া মাটি ইস্তাফা দিয়াৰ ফল হাতে হাতে মিলিব। বৰ্তমান অসমৰ ভাল মানুহ বিলাকৰ অৱস্থালৈ মন কৰি চালে, ঢকুৰ পানী ওলাই। এনে এঘৰ ভাল মানুহ নাই বিদেশীয়ে যাক ধৰুৱা কৰা নাই। ভাল মানুহ বিলাকৰ অবস্থা দেখি এনেটোহে ঠাৱৰ কৰিব পাৰি যে আগলৈ আৰু অসমৰ ভাল মানুহৰ সচঁকে নেথাকিব। কুল মান বেচি পেট প্ৰৱৰ্ত্তাবৰ উপায় ধৰিব লাগিব।

 পৃথিবীৰ বুৰঞ্জীয়ে ফট্‌ফটীয়াকৈ দেখুৱাই দিয়ে যে সৰহ মানুহ থকা ঠাই এডোখৰত মানুহে আচল বিচল পালেই আন এডোখৰ তাকৰীয়া মানুহ থকা ঠাইলৈ গুচি যায়। পাছে সিহঁত সভ্য আৰু পৰাক্ৰমী জাতি হলে সেই ঠাইৰ নিঃকটীয়া নিজাপি মানুহ বিলাকক তলতীয়া কৰি নিজৰ শ্ৰেষ্ঠতা বঢ়াই শেহত মহা উন্নত জাতিত পৰিণত হয় গৈ। শিৰফুটা জাতিতো হয় ন জাতিৰ লগত মিহলি হৈ জাতীয়তা লোপ কৰে, নহয় লাহে লাহে নিৰ্ব্বশ হৈ পৰে। ইয়াৰ প্ৰমান আৰ্য্য জাতি আৰু ভাৰতৰ শিৰফুটা অনাৰ্য্য জাতি; ৰোমানহত আৰু ইটালি দেশৰ চেবাইন জাতি; ইউৰোপৰ সভ্য জাতি আৰু আমেৰিকাৰ আদিমবাসী ইত্যাদি। যি বিলাক ঠাই প্ৰকৃতিৰ সোণৰ ভৰাল, সেই বিলাক যে পৰি নেথাকে আৰু তাত গৈ যে আন দেশৰ মানুহে বসতি পাতি উন্নতি সাধন কৰে তাৰ প্ৰমাণ ওপৰত লেখা বিলাকেই যথেষ্ট হৈছে। কিমান দূৰত ইউৰোপ কত অস্ট্ৰেলিয়া দ্বীপ, পাঠক এবাৰ দকৈ গমি দেখা। এতেকতে এতিয়া আমাৰ অসম- বাসীৰ উচিত হৈছে, যে যাতে আমি আমাৰ নাম বংশ লোপ নকৰোঁ। কথা দেখি যি কথা নলয় তাক অজলা বা মূৰ্খ নুবুলি কি বুলিব পাৰি? অসমীয়াহঁত অজলা হৈয়েই থাকিব নে? ইমান দিন শুই শুই থাকি আমি যি কৰিব লগীয়া কৰিছোঁহঁক; আৰু যেন শুই থাকি বোপা ককাৰ ভেটী মাটি হেৰুৱাই, তেওঁলোকৰ নাম বংশ লোপ নকৰোঁ, আহাঁ ইয়াৰেইহে চেষ্টা কৰোঁ। হেজাৰো ক্ৰোশ দূৰৰ মাৰোৱাৰীয়ে অসমত কি প্ৰভুত্ব পাতিছে! অসমৰ পৰ্ব্বতবিলাকৰ মূল্যবান বস্তু বৰৰ এঠা, মৌশিত হাতী-দাঁত আদিৰ বেপাৰ আমি পৰক দিলো। ঘৰৰ মূল্যবান গহনাপাতি পৰক দি নিজে তাৰ ধৰুৱাহৈ বহি আছে। এতিয়া অসমীয়াহঁত, আৰু এবাৰ কবানে “উদৰ সাত পুৰুষ গল কেচা মাছ খাওঁতেই, আমাক সেই সোপা কথা কেলৈ লাগিছে। বুঢ়াকলীয়া কপট সংস্কাৰ বিলাক নেৰিলে আমি নিশ্চয় একেবাৰে তললৈ যামহঁক। একতাৰ বল নেবান্ধিলে আমি নিজৰ বা জাতিৰ একো উন্নতি সাধিব নোৱাৰিম যে এই কথা সাৰোগত মানি লোৱা। স্বদেশৰ দুৰৱস্থাৰ

 ৪১