পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
অসমীয়া সাহিত্যৰ চানেকি।

মানুহক ধান খিনি অৰ্জ্জিব পাৰিলেই একো নেলাগে; কাৰণ অসমখান প্ৰকৃতিৰ ধনৰ ভৰাল, মানুহে যিহকে খোজে তাক গা খৰছ কৰিলেই পায়। মাছ, শাক দুৱাৰ মুখতেই, আনি চৰুত পেলাই দিলেই হল। বিশেষকৈ যি জাতিয়ে অভাবৰ বুজ নেপায় আৰু আন এটা সভ্য জাতিৰ ভালটো দেখি তাৰ আৰ্হি লব নোখোজ অথবা নিজৰ ভাল কাম জগতৰ আন জাতিক দেখাই সলাগ লবৰ ইচ্ছা নকৰে, সেই জাতিৰ মানত দুখেই বা কি সুখেই বা কি। ঘৰ নেসাজি থকা বনৰীয়া মানুহ বিধে ঘৰ নোহোৱাৰ দুখ কি বুজ পাব? অসমীয়া মানুহক আমি এতিয়া যেনে অৱস্থাত সুখী দেখিছোঁ, বুঢ়া সকলে হলে এতিয়াৰ দিনক বিষদৃশ দিন বুলিহে কয়। তেনে- হলে এইটো মানিব লগীয়া যে অসমীয়া মানুহৰ আগৰ কেতবোৰ সুখ এতিয়া লাহে লাহে আঁতৰ হৈছে। অসমীয়া মানুহৰ এতিয়া যি খিনি সুখ আছে, আগলৈ যে ই নেথাকিব তাৰ কোনো ভুল নাই। অসমৰ সাৰুৱা মাটি পৰি নেথাকিব যে তাৰ লক্ষণ এতিয়াৰ পৰাই দেখা গৈছে। সোৰোপা হোৱাৰ ফল অসমীয়া মানুহে অলপতে ভোগ কৰিবলৈ পাব। অসমৰ মাটি যে কেতিয়াও পৰি নেথাকে, এইটো ধৰা বন্ধা কথা। যেতিয়া গৰুকো ঘাহ কিনি খুৱাব লাগিব, অসমীয়া ভাইসকল, তেতিয়া কি উপাই কৰিবা? সাত সাগৰ, তেৰ নৈ পাৰ হৈ ইংৰাজহঁতে অসমৰ মাটিত এনেকৈ চাহ বাৰি পাতিব বুলি অসমীয়াহঁতে কেতিয়াবা সপোনতো দেখিছিলানে? আগৰ কেতখিনি কথা মনত কৰি আমি এতিয়া বুঢ়াবিলাকক গালি পাৰোঁ; কাৰণ তেওঁবিলাকৰ দিনত ইংৰাজে ২০ আঢ়ৈ টকা একৰত মাটি যুগমীয়া পট্টাদি বেচিছিল, তেওঁবিলাক এনে কণা আছিল যে সেই কথা নেদেখিলে। “বুঢ়াহঁতে সেই সুচল আৰু সুযোগতে যদি কিছুমান মাটি কিনি থৈ গলহেঁতেন আজিকালিৰ লৰা বিলাকলৈ বৰ এটা সুখৰ উপায় হল হেতেন।” বুঢ়বিলাকক গালি পৰা লৰাহঁতেও এতিয়া মন কৰি চাবা যে এতিয়াও কেতবোৰ সুচল আমাৰ চকুৰ আগতে পৰি পৰি আছে, যাক আমাৰ তললৈ মন কৰা চকু বিলাক ফুটাই নেদেখি বহি আছোঁহক। এনে এটা দিন আহিবইয়ে আমাকে আমাৰ পাছৰ লৰা বিলাকে, আমি বুঢ়াহঁতক গালি পৰাতকৈ, টান গালি পাৰিব। তলগুণ ডাঙ্গৰীয়া সকলে অৱশ্যে ঢুকি পাব পাৰিছে যে অসমলৈ কি কঠিন দিন আহিব লাগিছে। প্ৰায় চাৰিও ফালৰ সাৰুৱা মাটিৰ এতিয়াই আধ্যা পৰিলহি। বঙ্গালী কুলিৰ গাঁৱে সামৰি লব ধৰিছে। অসমলৈ ৰেলগাড়ি হোৱাৰ অলপো পলম নাই। যেতিয়া কাকতি ফৰিঙ্গৰ নিচিনা চাৰিও ফালৰ বিদেশী মানুহ গৈ অসমৰ মাটিত হেতা ওপোৰা লগাব, অসমীয়াই তেতিয়া ঘৰৰ ভেটিকো হেৰুৱাব হেন পাইছোঁ এতিয়া