পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অসমীয়া সাহিত্যৰ চানেকি ৷

থানে থানে আছে তাত দিব্য সৰোৱৰ।
উৎপল কুমুদ পদ্ম আছে নিৰন্তৰ॥
থলে আছে থলপুস্পগণ অসংখ্যাত।
পদ বাহুল্যক ভয়ে নিলিখিলোঁ আত॥২২০॥

অসংখ্যাত বিপ্ৰে পূজা কৰন্ত সদাই।
তাল যন্ত্ৰ আদি বাদ্য অপৰ্য্যাপ্ত বাই॥
নটে ভাটে প্ৰাৰ্থীগণে পৰি কৰে স্তুতি।
সেহি সময়ত বিশ্বসিংহ নৰপতি॥

যোড়শোপচাৰে পূজা আপুনি কৰয়।
ব্ৰহ্মমন্ত্ৰ জপি মূলমন্ত্ৰ উচ্চাৰয়॥
দণ্ডৱতে পৰি স্তুতি কৰন্ত বিস্তৰ।
তাহান স্তুতিত তুষ্ট হৱন্ত শঙ্কৰ॥

পূজা অবসানে ব্ৰাহ্মণক দেন্ত দান।
অতিথি লোকক গৈয় কৰন্ত সম্মান॥
সমস্তকে তুষি পাছে শুনয় পুৰাণ।
হৰিৰ চৰিত শুনি কৰয় ভোজন॥

শুচি আচমন হৈয়া তাম্বুল ভুঞ্জয়।
শত পদ গৈয়া মধ্য চৌৰাত বহয়॥
সম দম দয়া ভেদ নীতি প্ৰৱৰ্ত্তয়।
যাক যথা যোগ্য সুধি সিদ্ধান্ত কৰয়॥

কতিপয় দিনমান এহি মতে আছে।
আত অনন্তৰে কথা শুনিয়োক পাচে॥
একদিন কাৰ্ত্তিক মাসত নৰপতি।
মধ্যনিশা ভাগে পূজা কৰি ভগৱতী॥