অসমীয়া সাতকাণ্ড ৰামায়ণ। জয় নাৰায়ণে ১৭১০ ইংৰাজী শকত (দেবশক ১৬৩২) নিজ পাত স্থানত নিজ ৰাজধানী স্থাপন কৰিছিল। | ওপৰত লিখা জয়ন্তাপুৰৰ ৰজা সকলৰ তালিকাৰ দ্বাৰাই ভালকৈ জানিব পাৰি যে মহামাণিক্য ৰজা ওপৰত লিখা (৫) বিজয় মাণিক্য (৭) ধন মাণিক্য (৮) যশ মাণিক্য এই তিনজনৰ ভিতৰত এজন সম্ভবতঃহব পাৰে। কাৰণ চৌদ্ধ কি পোন্ধৰ শতাব্দিত মাণিক উপাধিৰে আন ৰজা হোৱা নাছিল। এতেকে মহামাণিক ৰজা যে, এও লোকৰ তিনজনৰ এজন ৰজা আছিল এইটা স্থিৰ কৰিব পাৰা যায়। তৃতীয়। জয়ন্তা বা কছাৰি ৰজা যে “বৰাহ ৰজা” আছিল তাৰ প্ৰমাণ কছাৰি ৰজাক “বৰাহি ৰজা” বুলি অসম বুৰঞ্জীত লিখিছে আৰু কছাৰি বিলাকে আজিলৈকে “বৰা বা বৰ” (বড় মান সেইয়া) বুলি পৰিচয় দিয়ে, কেবল “বৰাহৰ” স্থলত “বৰা” বা “বৰ হৈছে। ওপৰত লিখা কথা বিলাক গমি চাই জয়ন্ত দেশৰ বিজয় মাণিক কিম্বা ধন মাণিককে, মাধব কন্দলীয়ে “মহামাণিক বৰাত ৰজা” বুলিছিল আৰু সেই ৰজাৰ দিনতে তেওঁ চৌদ্ধ কি পোন্ধৰ শতাব্দিত সাতকাণ্ড ৰামায়ণ অসমীয়া ভাষাত পদবন্ধে সংস্কৃতৰ পৰা ভাঙ্গনি কৰা সুস্থিৰ হয়। কাবণ চৌদ্ধ আৰু পোন্ধৰ শতাব্দিৰ ভিতৰত সেই দুজন ৰজা জয়ন্তী পুৰৰ ৰজা হোৱা সুন্দৰ ৰূপে অনুমান হয়। | চতুৰ্থ। শঙ্কৰদেৱ পঞ্চদশ শতাব্দিৰ প্ৰধান কবি হৈ এই দেশত বিখ্যাত হয়। শাৰদেৱে উত্তৰকাণ্ড ৰামায়ণত মাধৱকন্দলীৰ বিষয় এই ৰূপে লিখিছে। পূৰ্ব কবি অপ্ৰমাদী মাধব কন্দলা আদি, তেহেঁ বিৰচিলা কৃষ্ণ কথা। তাহান পদক চাই। নিবন্ধিলো পদ আমি ইত্যাদি। সুতৰাং মাধৱকন্দলী চৌদ্ধ শতাব্দিৰ শেষত ৰ পোৰ শতাব্দিৰ আৰম্ভত এই দেশত সকলো কবিৰে যে আৰ্হি হৈ উঠিছিল এই সিদ্ধান্ত কৰা অযুগুত নহব পায়। | (২) ৰামায়ণ সাতে কাণ্ড মাধৱ কন্দলীয়েই সংস্কৃত মূলৰ পৰা অসমীয়া ভাষাত ভাঙ্গি যে পদ কৰিছিল, তেওঁ নিজে লঙ্কাকাণ্ডৰ শেষত দিয়া ভনিতাৰ দ্বাৰাই জানিব পাৰা হৈছে। কিন্তু আমি এতিয়া দেখিছে৷ অসমীয়া ৰামায়ণৰ আদিকাণ্ড মাধৱ দেৱৰ দ্বাৰাই আৰু শেষ উত্তৰাকাও শঙ্কৰদেৱৰ দ্বাৰাই
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই