পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দৰঙ্গৰাজবংশাৱলী ৷

চতুঃষষ্টি যোগিনী আৱৰ ভূতগণ।
প্ৰমথ ভৈৰৱ লিখি আছে জনে জন॥
জ্যোতিৰ প্ৰভাৱে চক্ষু মেলন নযাই।
তাম্ৰ কাংস ৰজতে শোভয় ঠাই ঠাই॥

হীৰা মৰকত কত বৈদৰ্য্য বাখৰে।
ফটিক কাঞ্চনে দ্বীপ্তি কৰে নিৰন্তৰে॥
মুকুতা মুৰাৰি থোকা আঁৰি আছে তাত।
দণ্ড ছত্ৰ চামৰ প্ৰকাশে অসংখ্যাত॥

অগৰু সুৰভি গন্ধে দিশ আমোদিত।
পুষ্পৰস পিয়া ভ্ৰমৰাই কৰে নৃত্য॥
প্ৰাতসৰে পৰা বিপ্ৰগণে পূজা কৰে।
বেদ স্তুতি চণ্ডী পাঠ পঢ়ে উচ্চস্বৰে॥

পূজা অবসানে বিপ্ৰগণে কৰে জপ।
সেহি বেলা উপস্থিত বিশ্বসিংহ নৃপ॥
কুশ হস্ত হৈয়া বসি বিষ্ণুক সুমৰি।
গোঁসানীক পূজা কৰে মুল মন্ত্ৰ স্মৰি॥

বলি দিয়া স্তুতি কৰি প্ৰণাম কৰয়।
বেদ মন্ত্ৰ পঢ়ি বিপ্ৰগণে আশীষয়॥
নটে ভাটে গায়নে বায়নে গাৱে গীত।
এহি মতে গোঁসানীক সেৱে প্ৰতিনিত॥

উত্তৰে আছয় শিৱ বাণেশ্বৰ নাম।
যাক সেৱি পাৱে ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
থানৰ মহিমা যত কহন নযাই।
অদ্ভুত মহিমা উপমাৰ ঠাই নাই॥