পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশিক্ষা।। ইমান তাকৰ যে স্বাধীন বক্তা থাকা দূৰত থাওক, গবৰ্ণমেণ্টৰ কৰ্মচাৰী হবলৈকে। ইয়াত উপযুক্ত মানুহ পোৱা নাযায়। বঙ্গদেশৰ পৰা বঙালী নানিলে নচলে। বঙালী মানুহে আসামত আহি সকলো কাম কাজ অধিকাৰ কৰাৰ বাবে আমাৰ মুঠে তাত হিংসা নহয়, বৰঞ্চ তেওঁবিলাকৰ চতৃতা, বিদ্যাবুদ্ধি আৰু সাহ দেখি আমি সলাগিছে। সুশিক্ষিত বঙালী মানুহ যিমান সৰহকৈ আসামলৈ আহে এই দেশৰ তিমান মঙ্গল। ওখ আদৰ্শ এটা চকুৰ আগত নাথাকিলে মানুহৰ যেনে জাতিৰও তেনে উন্নতি নহয়। এতেকে গবৰ্ণমেণ্টৰ বিষয়া আৰু আন আন উচ্চ কৰ্মচাৰীৰ পদত উপযুক্ত বঙালীক এৰি অনুপযুক্ত অসমীযাক বহুওয়া ভ্ৰান্তিক আমি কেতিয়াও পোষকতা নকৰে; কিয়নো যদি কৰে, তেন্তে তাৰ দ্বাৰায আসামৰ অনৰ্থক মাগেনি পোষকতা কৰা হয়। ইমান দিন কিয অসমত উচ্চশিক্ষা বাঢ়া নাই তাৰ কাৰণ বিচাৰিবলৈ গলে এই এটা পাই সে ইমান দিনলৈকে বা কিছুদিনৰ আগলৈকে সুশিক্ষিত বঙালী মানুহ সৰহকৈ এই দেশলৈ নাহিছিল। আসামৰ সদৰমিন মুনচেফ আদিকে বৰ বৰ বিষয়াৰ কাম বিলাকত ইংৰাজি নাজানা অসমীয়া মানুহ নিযুক্ত হইছিল, সদ্বংশৰ নিমিত্তেই হওক বা ভেটিভাৰৰ গুণেই হওক, অসমীয়া মানুহেই কিছুদিনৰ আগলৈকে অসমৰ সকলো কামকাষৰ অধিকাৰী আছিল। এই কামবোৰৰ নিমিত্তে বিদ্যাবুদ্ধি বা যোগ্যতা চাই মানুহ বাচা নহইছিল। তাৰ ফলেহে আসামত অনেক দিনলৈকে উচ্চশিক্ষাৰ বা কোনো শিক্ষাৰ প্ৰতি অনাদৰ আছিল; তাৰ ফলেই আজিকালি অসমত সুশিক্ষিত অসমীয়া। মানুহ নাই বুলিলেই হয়; ৰ ফলেই আজিকালি বঙালী মানুহে আসামৰ কাম কাষ বোৰ অধিকাৰ কৰিলেহি; তাৰ ফলেই অসমীযা আগৰ ভাল মানুহৰ ঘৰ আজি দুৰ্দশাপন্ন বা লুপ্ত প্ৰায়; আৰু এই শেষ কাৰণটিৰ নিমিত্তেই আজিকালি অসমীয়া মানুহৰ ভিতৰতে পৰস্পৰ ইমান হিংসা, ইমান পৰশ্ৰীকাতৰতা যে এই দৰে আৰু ৫০ পঞ্চাচ বছৰ চলিব লাগিলে অসমীয়া মানুহ পৃথিবীত সঁচাসচিকৈয়ে লোপ হব। আসাম, কচাৰি, মিকিৰ, হোজাই আৰু বঙালি কুলিৰ বসতি হব। কিন্তু ভাগ্যগুণে উন্নতমনা গবৰ্ণমেণ্টৰ যি ৰাজনৈতিক মহামন্ত মুক্তবানিজ্য সেই মহামন্ত্ৰৰ গুণে কিছুমান দিনৰ পৰা অসমৰ কামকাষত সুশিক্ষিত বঙালী সোমাবই ধৰিলে। একে ধন দিলে যি বজাৰতে সকলোতকৈ উপযুক্ত মানুহ পোৱা যায়, গবৰ্ণমেন্টে তাৰে পৰা আনিব ধৰিলে। ফলেই অসমীয়া মানুহ এৰা পৰিল। অৱশ্যে এনে কথা আমি নকও যে অসামত যি যি কামত যত বঙালী নিযুক্ত হইছে, সেই সেই কামত তাতোকৈ উপযুক্ত মানুহ পোৱা নগল হেতেন। গবৰ্ণমেণ্টৰ ৩৮