পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশিক্ষা। ২৯৫ যাওক চোন। গল বছৰি আসাম প্ৰদেশৰ শিক্ষা বিভাগত ৪ চাৰি লক্ষ ৫২ বাহান্ন হাজাৰ টকা সমমাটে খৰচ হয়। তাৰে ভিতৰত হাইস্কুল বোৰৰ নিমিত্তে খৰচ ৬৫ হাজাৰ মাথোন। এই ৬৫ হাজাৰ আকৌ এটাই খিনি গবৰ্ণমেন্টে দিয়া ধন নহয়। ইয়াৰ ভিতৰত গবৰ্ণমেণ্টৰ খৰচ ১৯ উনৈশ হাজাৰ মথোন, বাকিখিনি মাচুল ইত্যাদিৰ পৰা উঠে। অৰ্থাৎ মাচুল ইত্যাদিৰ পৰা উঠে যেনিবা ২ আড়াই টকা, গবৰ্ণমেন্টে দিয়ে ১ এটকা। আসামৰ নিচিনা পিচপৰি থাকা দেশত উচ্চশিক্ষাৰ নিমিত্তে গবৰ্ণমেন্টে সাধাৰণৰ অংশতকৈ নিজৰ অংশ সৰহকৈহে দিয়া উচিত। তেও যদি সমানে সমানেও দিয়ে তথাপি হাইস্কুল বোৰৰ আমি কোৱাৰ নিচিনা উন্নতি অনায়াসে সাধিব পাৰি। কিন্তু সাধাৰনৰ ২৷ আড়াই খোজত গবৰ্ণমেন্টে এখোজ ললে আমাৰ অশা নাই। আৰু বাস্তবিকে যদি গবৰ্নমেন্টে সকলো ফালে এনে কৃপণতা দেখুয়ালেহেতেন, তেনেহলে আমৰি কবলগীয়া একো নাথাকিল হেতেন। কিন্তু সি গবৰ্ণমেন্টে এটাইবোৰ হাইস্কুলৰ নিমিত্তে ১৯ উনৈশ হাজাবত কৈ সৰহ টকা দিব নোখোজে সেই গবৰ্ণমেন্টেই শিক্ষা বিভাগৰ একেজন মানুহৰ দৰমহাৰ বাবেই গল বছৰি ১৮ ওঠব হাজাৰ টকা খৰচ কৰিছে। ইনসপেক্টৰ জন সুপণ্ডিত মানুহ। সুপণ্ডিত মানুহক সৰহকৈ দৰমহা দিয়াত আমি বেজাৰ নেপাও, কিয়নো তাৰ দ্বাৰাই উচ্চশিক্ষাৰ গৌৰব বাঢ়ে। কিন্তু যি দেশত উচ্চশিক্ষা নাই, সেই দেশত উচ্চশিক্ষাৰ তত্ত্বাবধান কৰিবৰ নিমিত্তে ইমান দৰমহা দি সুপণ্ডিত মানুহ এজন ৰখাব আৱশ্যক কি? টকাৰ অভাবে হাইস্কুল বোৰৰ দুৰ্দশা, এনে স্থলত স্কুলৰ নিমিত্তে টকা নিদি, এজন বহি থকা পণ্ডিতক পেট ভৰাই খুয়ালেই স্কুলৰ পেট ভবে নে? বাস্তবিকে ইমান সৰহ দৰমহা পোৰ। ইন্সপেক্টৰৰ কাম অসামত উঠাই দিয়া আৱশ্যক। ইন্সপেক্টৰৰ বহি কেইটাৰ বন স্থানীয় গবৰ্ণমেণ্টৰ সেক্ৰেটেৰী এজনাই কৰিব পাৰে, আৰু তেওঁৰ পৰিদৰ্শন কাৰ্য্য জিলাৰ ডিপুটী কমিসনৰ জনাই আৰু আন আন বিষয়। বিলাকে অনায়াসে আৰু আনন্দেৰে সম্পাদন কৰিব; ইয়াৰ দ্বাৰাই শিক্ষা বিভাগৰ বছৰি ১২ কি ১৮ হাজাৰ টকা ৰব। | আকৌ দেখা যায়, গল বছৰি ১৮ জন প্ৰবেশিকা পৰীক্ষাত উঠা লৰাক বৃত্তি দি কলিকাতালৈ পঠোৱা হইছে। অকল এফ এ পৰীক্ষালৈকে ২০ টকা বৃত্তি দিলেও বৃত্তিৰ নিমিত্তেই আমাৰ গবৰ্ণমেণ্টৰ বছৰিএই ৯ নও হাজাৰ মান খৰচ হয়। কিন্তু আসাম দেশতে আগৰ নিচিনাকৈ এফ এ পৰীক্ষালৈকে পঢ়োৱা কলেজ এটি যদি পাতা হয়, তেন্তে ছৰি পঁচি কি ছয় হাজাৰ ৰূপতে হব পাৰে।