পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০
অসমীয়া সাহিত্যৰ চানেকি

ভাবি চাৱা হৈনানুই হে অঝাদেউটু।
সগৰবংশোক উদ্ধাৰিবো মনোৰ ভাব সেটু॥
তেবে পাপী লোকোক বুলা নাই কিয় জাহ্ণবা
আগে সগৰবংশোক তাৰো পাছোত তুহ্ণা হবি॥
আপনা দৰে সক্লোকো দেখিব বিজ্ঞজন।
আত্মাবৎ সৰ্ব্বভূতেসু শাস্ত্ৰোৰ লেখন॥

তেতিয়া বৃন্দাৰ কথা শুনি, অঝদেউ বুলে বাণী,
ধনি নিধনী সক্লো মোৰ সমান।
মোক জুনি ভালকে মাতে, সদায় থাক তাৰ ঘৰতে,
মান অপমান নকৰু গিয়ান॥
ইতা তোমাৰ সখীৰ দাৰু, শুনা তাৰ ব্যবস্থা কক,
ইটু বায়ু ৰোগ হৈছি জানি্বা।
কলা পানিত ধৱাৰা গাও, কলা চামৰৰ দিব বাও,
কলাতিলোৰ তেল ঘুহি দিবা॥
কলা পক্ষোত কলাত লোই, কলাৰ নাড দিবা কই,
কলাৰ নাউ লৱাৰা তিলে তিলে।
খুৱে দিবা কালাজিৰা, কণ্ঠোত কলা তুলসীৰ,
মালা গাঁথি দিবা কলা কালে॥
যদি বোলা একে সখি, দেখে কলা কলা,
তাতে আৰু তুমি, কলা দাৰু দিবা কলা॥
তাতে হানি নাই, যদি পোড়া যাই,
অগনিত হাত খেনি।
পুনু জুই জালি, পোৰা হাত সেকিলি,
তেতিয়াই যাই জুলানী।
কাঁটাই বিন্ধিলি, কাঁটায় বিন্ধিলি,
অলে পৰে তেতিয়াই।
কাণে গেলি পানী, আৰু দেই পানী,
পাচত দুয়ো অলে যাই॥