গোপীনাথ চক্ৰবৰ্ত্তী।
কলঙ্ক ভঞ্জন।
কৃষ্ণেৰ চৰণ ধৰি, বোলে ৰাধা বজেশ্বৰা
শুনাহে মুৰলী বাৰী, মোৰ মনো দুঃখ।
গাওত যিগিলা আছে গিৰি, সকলে বলে বাদুৱা তিৰি,
এই দুঃখে উল্যাবা নৰো মুখ॥
যদি ফুৰিবা যাও কাৰো বাড়া, আহিল সেটু বৰ গুৰিখাৰ তিৰা
সকলে বলে হাও চাও আই বাই।
পুৱা গোধুলা দিপহৰে, এই পহৰ সকলে কৰে,
এই মেল বিনে আৰ মেল নাই॥
মেলকি বাপ সকল থুপ্ৰি, চুপি কৰে চুপ্ৰি চুপ্ৰি,
ভেটা খাবাৰ দিহা কৰিছি চাবা।
ৰাতি সৰে সৰে ফুৰে, কীলা খাৱা গৰুৰ দৰে,
কুৰে মাৰিব সাৱধান হবা॥
এই চৰণোত শৰণ পোখি, দিগ্বিদেযা গৰুড় পখী
মৃত্যুঞ্জয় মৃত্যুদে্য় কৈল্যাক।
তোমাৰ এই চৰণোত ধৰি, প্ৰহ্লাদ নমৰিল জুইত পড়ি,
ঘূৰি ঘুৰি সঙ্কট হন্তে তৰিলাক॥
আৰ কি বুলিম অধিক, সভামাঝে দ্ৰুপদিক,
দুৰ্য্যোধনাই লাঙটা কৰিবা নল্যাক।
তোমাৰ এই চৰণোৰ গুণে হৰি, মানোক পৰাজয় কৰি,
ইংৰাজেবা ৰাজা হবা ধৰিলাক॥
হে হৰি দয়াৰ সাগৰ, সেই চৰণত ভজি আমাৰ,
গোকুলোত নাউহল কলঙ্কিনী।
অমৃত খাই হল ৰোগ, তিতা লাগে গোপাল ভোগ,
জুইৰ দৰে হল শিলোৰ পানী॥