২৬৮ অসমীয়া সাহিত্যৰ চানেকি। নিদিব। নেতাহৈ নিজৰ নীতি প্ৰাণ গলেও নেৰিব।। স্বধৰ্ম্মে নিধনে শ্ৰেয়, তেওঁ পৰৰ ধৰ্ম্ম ভয়াবহ। অলপ সুখৰ অৰ্থে পৰৰ ধৰ্ম্ম নলবা। নিজে কিমান ওখ আসনত ঠাই পাইছ। ভাবি দেখা। পৰে মায়া কৰি তোমাক সেই ওখ ঠাইৰ। পৰা নমাই আনিবলৈ যতন কৰে, কিন্তু তুমি জ্ঞান বলে সেই মায়া জাল ছেদন কৰা। নিজৰ ধৰ্ম্ম ৰক্ষা কৰা। নিতে প্ৰভুভাৱ ৰক্ষা কৰি ফুৰিবা। তেহে সকলোৰে মান্ত হৈ থাকিব। প্ৰভুৰ ধৰ্ম্ম মহান ধৰ্ম্ম। সেই মহান ধৰ্ম্ম কিৰূপে আচৰিলে ৰক্ষা হয় তাক শিক্ষা কৰা। পৰ ধৰ্ম্ম। পৰৰ বশ হলেই পৰৰ বাটে দি যাব লাগে। নিজৰ বাটে দি যাবৰ উপায় আৰু অৱসব নাই। পৰৰ বাটে দি গলেই তুমি নাকিবিন্ধামহ। পৰৰ বাটে দি গলেই পৰৰ কথা শুনিব লাগে। পৰৰ কথা শুনি শুনি যাৰ কাণ কলা হৈছে, যি জনে পৰৰ কথাক জ্ঞান নকৰে সিয়ো মানুহনে? তাৰে গাত কিবা তত আছে নে? নিজৰ বাটকাটি লবলৈ যাৰ সমৰ্থ নাই, নিজৰ বাটে দি অহা যোৱা কৰাত যি অকলসৰীয়া বুলি জানে, গাত বল নোহোৱা বুলি লগ নোহোৱা বুলি জানে, তাৰ গাত আৰু মনত মুঠে বল নাই। আমি পৰৰ হাতত পুতলা। পুতলা কিবা তত থকা বস্তু নে? যাৰ তত নাই তাৰ লাজেই বা কি? লাজ নোহোৱাৰ জ্ঞান কত? আমি পৰৰ হৈ কৰিব নেৰে! মানে আমাৰ ইষ্ট দেৱতাৰ পূজা কৰা নহয়। পৰৰ ইষ্ট দেৱতাৰ পূজাৰ নিমিত্তে আয়োজন কৰি দিয়াতেই আমাৰ দিন যায়। আমাৰ ইষ্ট দেৱতাক পূজিম আৰু কেতিয়া? দাসৰে৷ ইষ্ট দেৱতা আছে নে! দাসৰ ইষ্ট দেৱতা প্ৰভু। যেতিয়ালৈকে তোমাৰ আত্মজ্ঞান ইষ্ট দেৱতাৰ শৰণ নলয়, তেতিয়ালৈকে তোমাৰ মঙ্গল নাই। দাসৰ আত্মা নাই। দাস জন্তু স্বৰূপ। যেতিয়া খাবৰ সময় নাই, শুবৰ সময় নাই, বন্ধু বান্ধবৰ লগত কথা বাৰ্তা কবৰ সময় নাই, তোমাৰ দেৱতাৰ পূজাৰ সময় নাই, যেতিয়া তোমাৰ অমূল্য সময় ধনৰ নিমিত্তে পৰৰ তত বেচিছা, তেতিয়া তোমাৰ কি আছে? তুমি দিনে ৰাতি পৰৰ গোলাম। যিমান মানুহে সুলত পঢ়িছে, তিমানে মানুহ চাকৰিৰ সুভীয়া হৈছে। চাকৰি নহলে ভাল নলগাত পৰিছে। ইয়াকো পঢ়া বোলেনে? ইয়াকো জ্ঞান। অৰ্জ্জ। বোলেনে? নিজৰ হাতে কৰি খাবলৈ এৰি, পৰৰ ঘৰত চাকৰি কৰিবলৈ শিকাই যদি আমাৰ শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হয়, তেন্তে এনে শিক্ষা আমাক নালাগে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই