পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু সেৱা। নহলে এই সংসাৰত মৰণ। পানীত উটি তাহা কাঠব দবে সোতৰ ঠেলাত ভাহি ফুৰিব লাগে। গুৰুক নভজা জন মৰা। সি পৰৰ দাস। দাস হৈ যাক সেৱা কৰা যায়, তাকে গুৰু বুলি নামানিলে তাৰ এই সংসাৰত উদ্ধাৰ নাই। এজনক সেৱা কৰি আৰু এজন সেৱিবলৈ গলেই দুযযাবে। খঙ্গত পৰা যায। তাৰ কোনো পিনেই গতি নহয়। জ্ঞানব গুৰুত যি শৰণ লৈছে সেই গুৰুক একান্ত মনে সেৱা কৰিলেই মুক্তি, সুখ, আনন্দ, বহ্মানন্দ। তাৰ একোতে অসুখ আহিব নোৱাৰে। আত্মজ্ঞান যাৰ গুৰু যাৰ এই গুৰুত্ব অটঃ ভক্তি তাৰ আপদ কত? গুৰুক এৰি চাবুক ভজিলেই পাপ, দুখ, মবণ। ৰুক দেখিবৰ অৰ্থে দিনে বাতি জানৰ তাও প্ৰদীপ জলাই ৰাখিব লাগে। গুৰ চিন্তা, গুৰু সেৱা, নিত্য কম্ম। এই কৰ্ম্ম কৰিব অৰ্থে নিন স্থান লাগে। যি গুৰু ভক্তিৰ সোৱাদ বুজিছে সেযে নিন ঠাই বিচাৰে। যি জনৰ গুৰুজান নাই, সিজনে গুৰু পদব মহিমা বুজা নাই সি নিন গাব, পবিত্ৰ থলৰ কি সোৱাদ বুজিব। জ্ঞানী জনে গুকৰ আদেশ শুনিবলৈকে, গুৰু সেৱা কৰিবলৈকে পবিত্ৰ নিৰ্জন গল বিচাৰি লয়। গুৰু সেৱা কৰি, গুৰুৰ আদেশ শুনি, গদেশৰ দৰে চবিবলৈ বাৰৰ দৰে চলে। কিহৰ বাৰে বীৰ। গুৰুৰ আদেশ আচৰিবলৈ বাৰ। সৰ জ্ঞান গুৰ৩ অচলা ভকি তেও গুৰুৰ নাপালি থাকিবই নোৰাৰে। সি ডনে গুৰুক অবহেলা কৰি লঘুক। সেৱা কৰিছে সি লঘুক পাইছে, “ঘু হৈছে। লণু সকলোৰে বাৰে চাৰে। দাদু তুলাপাততকৈ ও পাতল। গুৰু হিমালযৰ দৰে অটল, গম্ভাৰ, ববি, মহান। প্ৰকৃত গুৰুক যি ভজিছে, সি অবশ্যই মহান হব। সি যাক ভাবে সি সেই দৰেই হয়। সৰুক ভাবা সৰু হবা, ডাঙ্গক ভাবা ডাঙ্গৰ হব।। আমাৰ মানুহে নাম মাত্ৰ গুৰু সেৱা কৰে। প্ৰকৃত গুৰু সেৱা জনা হলে আমাৰ এনে দশা নহল হয়। আমি নাম মাত্ৰ গুৰু সেৱাত তুষ্ট। প্ৰকৃত গুৰু সেৱা কৰিবলৈ আমাৰ মতি নাই। অলপ মতি হলেও দাস হোৱাৰ বাবে অলপ আজৰি বা উপায নাই। সসাব দাস, সমাজৰ দাস, কুসস্কাৰৰ দাস। পোটৰ দাযত পৰা আনব দাস। দাসৰ আকৌ গুৰু সেৱা কি? যাৰ দাস সেযে গুৰু। দাসব ভিন্ন গুৰু আৰু নাই। দাস হৈছে, সকলো ধৰ্ম্মকে পৰিত্যাগ কৰি যাৰ দাস হৈছে, এক মনে তেওঁৰ শৰণ লোৱা, বা দাস বৃত্তি এৰি, সংসাৰৰ সৰ্বৰ ধৰ্ম্ম এবি, এক মনে • গুৰুৰ শৰণ লোৱ। ব্ৰহ্মত শৰণ লোৱা, ব্ৰাহ্মণ হোৱা। এক দেৱ এক সেৱ এক বিনে নাই কেৱ। ব্ৰাহ্মণো নহয দাসো নহয। এইখন ও ভণ্ডৰ আৱশ্যক কি? এক ৩৪