হেনয় লক্ষণ যুক্ত তাম্বুলী নৃপৰ।
সুপকাৰ লক্ষণ শুনিয়ো আতপৰ॥
কুলীন গম্ভীৰ জিতেন্দ্ৰিয় সত্যবাদী।
সন্তগুণ শাস্ত্ৰ দৃষ্টে কৰে কৰ্ম্ম আদি॥
গৌৰবৰ্ণ দেহ প্ৰিয় বাক্যে সদা ৰতি।
সুকোমল নখ কেশ স্নিগ্ধ স্বচ্ছ আতি॥
বৈদ্য শাস্ত্ৰ বিশাৰদ দ্ৰব্য গুণ জানে।
যথা প্ৰিয় বস্তু হোৱে নৃপৰ ভোজনে॥
বাত পিত্ত কফ শ্লেষ্মা যেন নলঘঙ্ঘয়।
ভোজনৰ দ্ৰব্য সেহি মতে মিলাৱয়॥
যি তিথিত যি ব্যঞ্জন খাইতে নিষেধন।
সবাকে জানয় সুপকাৰ শুদ্ধ জন॥
ভণ্ডাৰীৰ লক্ষণ শুনিয়ো অনন্তৰ।
সমস্ত কৰ্ম্মতে শ্ৰেষ্ঠ নাহি যাৰ পৰ॥
দেৱ দেৱী পূজনে সদাই যাৰ চিত।
শৌচাচাৰ জানে সৰ্ব্ব শাস্ত্ৰত পণ্ডিত॥
অলুব্ধক জিতেন্দ্ৰিয় ব্ৰতে নিষ্ঠ মন।
দম্ভ মোহ বিব্বৰ্জিত লাৱন্য বচন॥
আয় ব্যয় দুইতো সমভাৱে প্ৰৱৰ্ত্তয়।
নৃপৰ ভণ্ডাৰী হেন জানিবা নিশ্চয়॥
আত পৰে শুনা মজিন্দাৰৰ লক্ষণ।
পৰম পণ্ডিত ধৰ্ম্ম শাস্ত্ৰে যাৰ মন॥
কুলীন গহীন সত্য ধৰ্ম্ম গুণান্বিত।
দৰ্শন মাত্ৰকে বুজে ৰাজাৰ ইঙ্গিত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
অসমীয়া সাহিত্যৰ চানেকি ৷