পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1gR A ৪AM CC BIR 8/ A 11H4> ০LLEGA, | Aa rta৪ কালি ৰাম বৰুৱা। = = কামাখ্যা কামাখ্যা (কমি -- আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাৰ নাম হৈছে কাম, এতেকে কামাখ্যা। প্ৰলয় কালত এই জগত এনে প্ৰকৃতিত লীন আছিল যে ই প্ৰত্যক্ষ অনুমান আৰু শব্দ এই তিনি প্ৰকাৰ প্ৰমাণৰ বিষয় নাছিল। সমস্ত জগত প্ৰসৃপ্ত অবস্থাত আছে। এনে অনুভৱ হৈছিল। আসা দিদং তমমভুতম প্ৰস্তুত মলনং। অপ্ৰতৰ্ক মবিজ্ঞেয়ং প্ৰপ্ত মিব শতঃ। মনু, ১ম, ৩, ৫ম, শ্লোক। | পিচত জগত ধ্বংস অৱশেষ ভস্মাচ্ছাদিত সুপ্ত প্ৰকৃতি ও মহাদেবৰ ইচ্ছ। হল। জগত হল, তেও প্ৰকাশ হল। এতেকে ইচ্ছা বা কামেই আদি শক্তি। যাৰ ইচ্ছাত এই ভুঃ ভুবঃ স্বঃ লোক প্ৰকাশ। যেতিয়া আকৌ তেওৰ ইচ্ছা অন্তৰ্ভত হয়, তেতিয়া তেওঁৰ সংসাৰৰ কাৰ্য্য এবাৰ পাৰিব। প্ৰেম প্ৰতিমা কাতি হব। জগত ধংস হব। আকৌ তেওঁ সুপ্ত অবস্থাত গত হব। প্ৰথমতে কামব উৎপত্তি। তাৰ পিচত কাৰ্য, এতেকে কামেই সকলোৰে মূলাধাৰ। কামেই শক্তি। যেতিয়া মানুহৰ একোলৈ ইচ্ছা নাই কিয়া হয়, তেতিয়া মানুহ শৱ। শক্তি যুক্ত পুৰুষক, সকামী পুৰুষক সকলোৱে পূজা কৰে। নিষ্কামী পুৰুষক কোনেও নামানে। কামেই ধ্যেয়, সত্য বস্তু। যেতিয়া কামে কাৰ্য কবে তেতিয়া কামৰ চেতন ভাব। যেতিয়া কাৰ্য্য নকৰে তেতিয়া কামৰ আচেতন ভাব, সুপ্ত অৱস্থা। ঈশ্বৰৰ সকাম বা কাৰ্যকাৰী ভাৱেই প্ৰকাশ ভাৱ। নিষ্কামী, কাৰ্য বহিত ভাবেই অপ্ৰকাশ ভাব, সুপ্ত অবস্থা। সংসাৰৰ বা ঈশ্বৰৰ কাৰ্য কৰিবলৈ এৰি অক্ষম হৈ, অচেতন ভাৱে শুই থকা পুৰুষক কোনেও ভাল নেপায়। অইন কি চকুৰে চাবলৈকে ভাল নেলাগে। কিয়? কোনে হাক দিয়ে? কাম ৰহিত দেখি চেতন নোহোৱা দেখি কামে হাক দিয়ে। চেতন স্বৰূপ পৰমাত্মাই হাক দিয়ে। মৃতৰ