অসমীয়া সাহিত্যৰ চানেকি। ভাৰ দি 'তামুলী লিগিৰ বাৰ দিলে। মোমাইযে সেই ঘৰবোৰ সুন্দৰৰূপে সজাই সকলো দব্যবস্তু পবিপাটা কৰি বাজাৰ সন্তোষ লগাকৈ ৰাখিলে। পাছে ৰাজাৰ ঘৰৰ লা-লিগিবাবোৰৰ কাম কাজত কোনো তাযন নেদেখি মোমাইযে এদিনা ৰাজাক জনালে যে “স্বৰ্গদেৱে কোনো কাম কৰাবলৈ হলে মানুহ মাতি থাকিব লাগে নেমাতিলে একোকে নেপাই; আনব কথা কি, এনে দস্তুৰ ইতব ভদ্ৰলোকৰ ঘৰতো দেখা নেযায়।' এই কথা শুনি বাজাই তুষ্ট হৈ কলে, “মোমাই, এই বিষয়ে তুমি যেনে ভাল দেখা তেনে কৰা।” তেতিয়াই মোমাইযে কামৰ দিহা লগাই, অমুক খিনি মানুহে ৰাজাই গা ধুবলৈ আৰু খাবলৈ সোন্দেৰাদি পান। তপতাব, অমুক খিনিযে খোৱাৰ কাৰবাৰ কৰিব, অমুক খিনিয়ে ৰাজাৰ ওচৰত থাকিব ইত্যাদি ক্ৰমে সকলো বন ভাগ বাটি দিলে। তেতিয়াৰ পৰাহে লা-লিগিৰাবোৰৰ আলপিছন ধৰিবলৈ মাতিব নলগা ৩ পৰিছে আৰু তেতিয়াৰ পৰাহে বাৰৰ বণ বাবে ঠকঠিককৈ কৰি থবলৈ ধৰিছে। ৰাজঘৰৰ এনে সুবন্দবস্ত লগোৱা দেখি বাজাই যাবপৰ নাই সন্তোষ পাই মনে মনে ভাবিলে যে এনেকুৱা কাম্যদক্ষ মানুহটিক কি দিনো পুৰস্কাৰ কৰিম। পাছে . অনেক ভাবি চিন্তি ৰাজ কায্যৰ সকলো ভাৰ দিবৰ স্থিৰ কৰি “বৰ বৰুৱা" নামে মহাসম্ভ্ৰান্ত বিষয় দি বাজাই তেওঁক ৰাজমন্ত্ৰী পাতিলে। তেতিয়াৰ পৰা মোমাই নামগুছি তেওঁ “মোমাই তামুলী বৰবৰুৱা’ নামে প্ৰখ্যাত হল। ৰজাই এই নতুন মন্ত্ৰীবে দেশখন ভাগলগাই প্ৰজা সস্থাপনৰ ভাৰ দিলে। | সেই কাল বিপৰিত কাল বুলিব লাগে। তেতিযা প্ৰায সকলো ভদ্ৰ মানুহ ইমান দ্বেষ হিসা পৰবশ আছিল যে তেওঁলোকে বিশেষ গুণী লোক দেখিলেই নানান দুৰ্গতি কৰাইছিল বা যমালয়লৈ পঠাইছিল। চোৱাচোন, এনে দিনতো সামান্য মোমাইয়ে বুদ্ধি বলেৰে কি হৈছে গে। পাছে দেশ ভাগ কৰা হেন গুৰুতৰ কাৰ্য্যভাৰ পাই বৰবৰুৱাই মূৰৰ ওপৰত তৰোৱাল তৰা যেন আশঙ্কা কৰি কলে, ‘মহাৰাজ, মই অতিক্ষুদ্ৰ প্ৰাণী; একেবাৰে সকলোৰে ওপৰ কৰা দেখি মনত খুহদুহনি লাগিছে; কাৰণ সকলোবোৰ বৰ বৰ মানুহৰে মোলৈ হিংসা হব আৰু তেতিয়া মোৰ প্ৰাণলৈ টনটিনি পৰিব।' এই কথা শুনি ৰজাই গমি চাই বুঢ়া গগাহাই, বৰ গোহাই, বৰ গাত্ৰ গোহাই, আদি সকলো বৰুৱা ফুকন ডাঙ্গৰীয়াক গোটাই মোমাই তামুলী বৰ বৰুৱাৰ কাৰ্যভাৰৰ অজ্ঞা শুনালে। তাতে সকলোটিয়ে সন্মতি দিলে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই