মহাশান্ত মতি ধীৰ পৰম পণ্ডিত।
নৃপতিৰ হিত মাত্ৰ বাঞ্ছে প্ৰতিনিত॥
নৃপে যত ধৰ্ম্ম কাৰ্য্য কৰে নিৰন্তৰ।
গণিয়া কহয় তিথি নক্ষত্ৰ বাসৰ॥
কালচক্ৰ গণি শুভ অশুভ যতেক।
নৃপতিৰ আগে গৈয়া কহন্ত প্ৰত্যেক॥
অশুভ হয় গ্ৰহগণ যত যত।
সমস্তকে পূজা কৰে নৃপৰ সন্মত॥
আত পৰে বৈদ্যৰ চৰিত্ৰ শুনিয়োক।
যাহাৰ কাৰণে সবে গুচে ৰোগ শোক॥
বেদ শাস্ত্ৰ জানে ব্যাধি চিনয় নিশেয।
মহৌষধি গুণগণ জানয় বিশেষ॥১৮০॥
সবে ব্যাধি নষ্ট কৰে ঔষধৰ বলে।
অভিচাৰ মন্ত্ৰ যন্ত্ৰ জানয় সকলে॥
সাম যে অথৰ্ব্ব বেদ শান্তি কৰ্ম্ম যত।
ভোজনৰ হিতাহিত জানন্ত সমস্ত॥
সবে গুণান্বিত সিতো পৰম প্ৰধান।
যাত পৰে বৈদ্য আৰ নাহি আন থান॥
নৃপৰ তাম্বুলী যেন শুনা আত পৰে।
শাস্ত্ৰত পণ্ডিত ধৰ্ম্ম জানে নিৰন্তৰে॥
পৰম নীতিজ্ঞ ধীৰ সুচাৰু বচন।
প্ৰসিদ্ধে জানয় তাম্বুলৰ গুণগণ॥
অহোৰত্ৰে তাম্বুলক সদা যোগাৱয়।
নৃপতিত পৰে অন্য দেৱ নজানয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
দৰঙ্গৰাজবংশাৱলী ৷