কিন্তু মনুষ্যত মিত্ৰ নাথাকে সদায়।
চল পাইলে মিত্ৰ ভাব তেখনে এৰয়॥
অনেক দেখিছো মই শুনিছো বহুত।
নাথাকে বিশ্বাস জানা মনুষ্য কুলত॥
তথাপি ৰাখিলোঁ তোক ধৰ্ম্ম পথ চাই।
বৃক্ষৰ ওপৰ ডালে বসি থাক তই॥
শুনি ৰাজপুত্ৰ গৈয়া গছত উঠিলা।
ভালুকক পাচ কৰি আগত বসিলা॥
এহিমতে দুয়ো পাছে বৃক্ষত ৰহিলা।
সেই কালে ব্যাঘ্ৰ আসি তথাতে মিলিলা॥
চক্ষু ফুৰাই ব্যাঘ্ৰে পাছে উপৰক চাই।
ভালুক মনুষ্য দেখি আনন্দে গুণই॥
নিদ্ৰায়ে আকুল হুয়া ভালুক আছই।
নিদ্ৰা নাই মনুষ্যৰ ভয়তে আছই॥
এহিমতে লাহে লাহে বাঘেও মাতই।
ওচৰ চাপিযা পাচে বচন বোলয়॥
হিংসক অসুৰ জাতি মোত পৰে নাই।
তথাপি তোমাক দেখি দায়া উপজই॥
কিকাৰ্য্যে থাকাহা তুমি ভালুক সঙ্গত।
প্ৰভাত হৈলেক মাত্ৰে খাইবেক ভোকত॥
যিমতে ৰহিবা তুমি শুনিয়ো উপাই।
বৃক্ষ ডালে নখ মাৰি শুতিয়া আছই॥
নখ এৰুৱাই দিলে আপুনি পৰই।
মই ধৰি খাইবে তাক তোহৰ কাৰণে।
এতেকে পৰিবি ৰক্ষা জানিবাহা মনে॥
আজি ধৰি মিত্ৰ ভৈলোঁ তোমাৰে আমাৰে।
নকৰিবা শঙ্কা সখি পেলাও সত্তৰে॥
শুনি ৰাজপুত্ৰে পাচে বুলিলা বচন।
কেনমতে তযু কথা কৰিবো গ্ৰহণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
অসমীয়া সাহিত্যৰ চানেকি ।