হুই খঙে কনা হেন, সমৰৰ বেলি
চাইছিলো, হেৰা প্ৰভু, খঙৰ চকুৰে,
আৰু গৰহিত কথা কতোবা বুলিছো
সুৱৰি বিদৰে বুক। ধিক মোৰ কাম
ভাৰত যুদ্ধত দেখা শপথ ভঙ্গাই
ধৰালো তোমাক প্ৰভু চক্ৰ সুদৰ্শন।
কিন্তু তেও কও নাথ লৰা যদি হয়
দুষ্ট, কৰে অপৰাধ হাজাৰ হাজাৰ।
জননীৰ, তেও মাৱে, মা বুলি মাতিয়া
আহিলে কোলাক ধায়, লওয কোলাত
মৰমেৰে। আজি প্ৰভু লইলো শৰণ
ই পাপী অধম নৰে মুঢ় মতিচ্ছন্নে।
ভকত বৎসল তুমি ভকত অধীন
বিশ্বৰ কাৰণ হৰি জ্যোতিৰ্ম্ময় দেব
জগতৰ পিতা, নাথ ক্ষমা গুণশীল
কৰুণ নিধন ক্ষমা আপোনাৰ গুণে
শৰণাগতক দিয়া ঠাই পাদ পাশে,
কবোহো প্ৰাৰ্থনা প্ৰভু অন্তিম কালত
ৰৌক মোৰ চিত্ত হৰি তবৰূপ চিন্তি।
কি ভাগ্য কৰিলো মোৰ ইটো পচা দেহে
ব্ৰহ্মাৰ বাষ্ণনি তুমি মুমূৰ্ষ কালত
দেখিব পালোহোঁ তযু চৰণ যুগল।
এই ৰূপে ভক্তি ভাবে স্তবিয়া তুষিলা
চিন্তামনি বাসুদেৱক গঙ্গাৰ নন্দনে।
সন্তোষিলা নাৰদক ধৰি চৰনত,
কাকুতি মিনতি কৰি মাগি ললা ক্ষমা।
শ্ৰীহৰি তথাস্তু বুলি তথাস্তু নাৰদ
ভৈলা দুয়ো অন্তৰ্ধ্যান। সেই সময়ত
তেওঁৰ লগতে হল ভীষ্ম মোহ মায়া
অসাৰ সকলো লুপ্ত নিজ মন পৰা,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
অসমীয়া সাহিত্যৰ চানেকি।