পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দৰঙ্গৰাজবংশৱালী ৷

নৃপতিক চিন্তে জিতেন্দ্ৰিয় গুণৱন্ত।
যুদ্ধত নিপুণ সৰ্ব্ব ধৰ্ম্মক জানন্ত॥
দুষ্টৰ সম্বন্ধি যেন অন্তক সমান।
অপ্ৰমত্ত দয়াৱন্ত বুদ্ধিত সুজন॥

আত অনন্তৰে বৈহাগুৰ সেন নয়।
সংক্ষেপ কৰিয়া কহোঁ জানিবা নিশ্চয়॥
লোভ মোহ খল দম্ভ ক্ৰোধ বিবৰ্জ্জিত।
পৰম মন্ত্ৰজ্ঞ ধন পুত্ৰ প্ৰতিষ্ঠিত॥

ধৰ্ম্মশাস্ত্ৰ জানে শৌচাচাৰে সদা মন।
মিত্ৰলাভ আদি মন্ত্ৰণাত শ্ৰেষ্ঠ জন॥
উত্তম মধ্যম প্ৰাকৃতৰ যেন নয়।
দৃষ্টি মাত্ৰে সমস্তৰে চিত্তক বুজয়॥

দেৱত পিতৃত ভক্ত সৰ্ব্ব গুণান্বিত।
দুষ্টক দণ্ডিত মন সন্তক পালিত॥
এহি দুই মন্ত্ৰী তান জগততে সাৰ।
শুনিয়োক সেনাপতি যেহেন ৰাজাৰ॥

যুদ্ধাবৰ নাম তান জগতে বিদিত।
মহা বুদ্ধিমন্ত সব শাস্ত্ৰত পণ্ডিত॥
ঐশ্বৰ্য্য যুগুত জিতেন্দ্ৰিয় অপ্ৰমত্ত।
ধনুৰ্ব্বেদ জানে দৃষ্টিশিক্ষাত পাৰ্গত॥১৭০॥

দিনে ৰাত্ৰি নৃপতিক চিন্তিয়া থাকয়।
ত্যাগত কুশল সুন্দৰত শুচি নয়॥
অশ্বশিক্ষা বিশাৰদ লোকহিতকাৰী।
যুদ্ধাযুদ্ধ সন্ধি বিগ্ৰহৰ অধিকাৰী॥