পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
অভিমন্যু বধ কাব্য।

খেলিলা চাওৰ লগে, কিন্তু পাপাধমে
নুবুজিলো, মাৰিলোহোঁ নিজৰ বুকুত
দাৰুণ কুঠাৰ ঘাও; থইলো কলঙ্ক
নিষ্কলঙ্কী চন্দ্ৰবংশে। ই জীবন মোৰ
পশু যেন নাই জ্ঞান, ধিক পৰাণত।
এইৰূপে বাৰবৰ ধিক্কাৰি আপুনি
তিয়াইলা গাৰ বস্ত্ৰ চকুৰ লোতকে।
হেন শুনি মিষ্টভাষি গঙ্গাৰ নন্দনে
ধীৰে ধীৰে প্ৰবোধিলা ইন্দ্ৰ নন্দনক।
“বৃথা হে বাহন-শ্বেত, গঞ্জিছা আপুনি
বৃথায় কান্দিছা তুমি আমাৰ কাৰণে,
ক্ষত্ৰিয়ৰ ধৰ্ম্ম এই তোমাতনো কি দোষ।
পিতা পুত্ৰে যুদ্ধ কৰি এড়য় জীৱন
নাহিকে কাৰও নিন্দা; বিশেষতে কঁও
জানাহ পয়ান ঘটে, সংসাৰৰ পৰা
উঠিলে সংসাৰা ভোগ; কিয় বাছাধন
নিৰ্দ্দোষী তোমাক তুমি কৰিছা গঞ্জন
তুমি বাছা কুল ভূষা প্ৰকাশিবা নাম
চন্দ্ৰৰ বংশত তুমি, যেন পৃৰ্ণিমাৰ
যোড়স্‌ কলা পূৰ্ণ চাঁদ তৰাৰ মাজত।
বিদিত জগতে জানা ৰামক বধিয়া
ৰত্নময় দুটি ভাই। ৰাঘব কোঁৱৰে,
যেতিয়া শ্ৰীৰামচন্দ্ৰে অশ্বমেধ পাতি
এড়িদিলা যজ্ঞ অশ্ব শ্বেতৰূপধাৰা,
পাইয়া ধৰিলা দুয়ো ঋষি আশ্ৰমত
কৰিলা বিষম যুদ্ধ বাপেকে সহিত,
মাৰিলা তেওঁক লৰে। এতেকতে শুনা।
উপৰি যুঁজাৰু বংশে যুদ্ধৰ ঠাইত
পিতাৰ নিধন হলে পুত্ৰৰ হাতত