পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
অসমীয়া সাহিত্যৰ চানেকি।

শমন সমান সত্ৰু ই কৌৰবী ৰণে।
মহাবলী ধনুৰ্দ্ধাৰী অৰ্জ্জুন আগত।
নিশ্চয় জানিলো মোৰ হুইবে নিধন,
নিশ্চয় হবোহোঁ ধ্বংস কুৰুপুত্ৰগণ,
মজিব নৃপতি বৰ্গ, নিশ্চয় হুইলা।
বিজয়ৰ আশা আজি দিবাকৰ মোৰ
অস্তাচল চূড়ালম্বী দিনৰ শেষত।
তোমাৰ নিধনে, আপ, আজি সমৰত
হাবিলা কৌৰব বুলি ঘোষিবে লোকত,
কাৰিব আমাক নিন্দা পাৰিবেক গালি।
পিতৃ-বধী গুৰু-বধী বুলি সৰ্ব্বলোকে।
কি উপায়ে পিতামহ তৰিম ই সব।
কি উপায়ে, কোৱা পিতা, ত্ৰিকালজ্ঞ তুমি,
তুমি যদি হলা কাতি কৰি নিঃসহায়
ইতো ঘোৰ সমৰত শত ভাই মোৰ,
বিপদ সাগৰে পাৰ পাম কেনেকৈ?
কৌৰব ভৰসা ভানু অকালত আজি।
যদি গলা অস্তাচলে, কোৱা পিতাৰৰ
তম আচ্ছাদন পৰা শতদলে ৰম?
এতেক কহিয়া বীৰে কান্দিয়া শোকত,
ৰজোপৰি গড়াগড়ি যায় মহাৰাজ
দুৰ্য্যোধন মহামানী গাঙ্গেয়ৰ নাতি।
পাছে ধীৰে ধীৰে বীৰে শান্তনু নন্দনে
সম্বোধি তেওঁক, এড়ি দীঘল নিশ্বাস,
কহিলা বিৰস বাক্যে। “গান্ধাৰেয় ভূপ
জানিয়া আগৈয়ে ময় ভবিষ্যত কথা
তোমাক কহিলো, বাপু, মিলন যুগতি
নুশুনিলা কানে তুমি, নধৰিলা মনে
বুড়াৰ বচন বুলি; কৰ্ণ কথা মানি,