অসমীয়া সাহিত্যৰ চানেকি। | ২। কৰ্ম্মৰ বাহুল্যতাই ঈশ্বৰ সেৱৰ প্ৰতি হস্তক্ষেপ কৰিব নিদিবা। আন সকলো কথাক ঈশ্বৰোপাসনায় বটুৱাব দিয়া। এই জীৱনত তুমি কিহলৈ চিন্তা কৰা? তোমাৰ সকলো কাৰ্যৰ ওপৰত পদাঘাত কৰা।। ৩। ধৰ্ম্ম আৰু পৰোপকাৰৰ প্ৰতি উৎসাহ যেন দিনে দিনে আৰম্ভ হয়, ইয়াক স্মৰণ কৰিবা। দিনৌ পুৱা স্থিৰ কৰিবা। সময় গত প্ৰায় হলে আপীলৰ দৰখাস্ত যেনেৰূপ সেই ৰূপ যেন তোমাৰ কৰি আৰু কাৰ্যৰ উৎসাহ তোমাৰ ওপৰত পৰা। কৰ্তব্য যেন ভাবিবা। ৪। এই কেই সময়ত ঈশ্বৰেপোসনা কৰিবলৈ নাপাহৰিবা। প্ৰথম পুৱা যেতিয়া উঠা, দ্বিতীয় ৰানৰ পাচত, তৃতীয় গধলি, চতুৰ্থ শয্যালৈ যোৱাৰ পূৰ্বে, পঞ্চম তোমাৰ শয্যাত, ষষ্ঠ প্ৰতিবাৰে যেতিয়া তুমি ইয়াক পঢ়া। | ৫। যেতিয়া তোমাৰ চাৰিয়ে। ফলে মানুহ জহনীত পৰে তেতিয়া তোমাৰ মন কেনে থাকে তাক স্মৰণ কবিব।। | ৬। গ্ৰীষ্টীয়ান নৃচলমান আৰু হিন্দু উপাসনাব নিৰ্দিষ্ট সময়লৈ মনত কৰিব। একাদশী উপবাস কৰিবা। | ৭। পাৰা যদি গণি কোৱা কিমান দিন তুমি জীবা। কি জানি এক সপ্তাহ কি এদিন। সেই কাৰণে মৃত্যুৰ নিমিত্ত প্ৰস্তুত হোৱা। | যি জনে জ্যোতিৰ্ময় সূৰ্যৰ অন্তৰাত্ম। তাৰু আমাৰ বুদ্ধি বৃত্তিক পৰিচালনা কৰিছে সেই জনক আমি চিন্তা কৰে।। | আনন্দ ৰাম ফুকনৰ এই প্ৰাতঃস্মৰণীয় বিষয় কেইটি চাই কাৰ তেওঁ লৈ প্ৰীতি আৰু শ্ৰদ্ধা নহব? ঈশ্বৰ উপাসনা বিষয়ে আৰু কৰ্তব্য কাৰ্য্য বিষয়ে তেওঁৰ যি চিন্তা। সেইটো তেওঁৰ জীৱনত প্ৰতিপালিত হৈছিল। নিৰ্দিষ্ট সন্ধ্যা বিনেও প্ৰতিদিন আহাৰান্তে তেওঁ তেওঁৰ ইষ্ট দেৱতাক চিন্তা কৰিছিল। তেওঁ সদাই তেওঁৰ কৰ্তব্য কাৰ্য সম্পাদন কৰিছিল। তাক পলম কৰিবলৈ নীচেই ইচ্ছা নকৰিছিল। এই কাৰণেই তেওঁৰ মৃত্যুৰ পাচত তেওঁৰ সংসাৰত বিশৃঙ্খল হল। আনন্দ ৰাম ফুকনৰ উন্নত বুদ্ধি, নিমুল চৰিত্ৰ আৰু সাধু আৰু সাধাৰণৰ হিতকৰ কাৰ্যৰ নিমিত্তে সকলোৱে তেওক প্ৰীতি আৰু ভক্তি কৰিছিল। আৰু এতিয়াও তেওঁৰ নাম জন- সমাজত আদৰণীয় আৰু তেওঁৰ চৰিত্ৰ আৰু কাৰ্য অনুকৰণীয় হৈ আছে। ঈশ্বৰ ইচ্ছানুসাৰে তেওঁ এই অনিত্য সংসাৰ ত্যাগ কৰি অমৃত আৰু নিত্যধামলৈ গমন কৰিলেও নিজৰ কীৰ্ত্তিৰ নিমিত্ত এই সংসাৰত তেওঁ জীবিত থাকিব।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই