গাৱে গাৱে সমস্তৰে সন্তোষিলা মন।
যাক যথোচিত ৰত্ন ধন দিলা দান॥
দুখী ভিখী দেশান্তৰী যতেক আছিলা।
অদৰিদ্ৰ কৰি সমস্তকে দান দিলা॥
পণ্ডিত ব্ৰাহ্মণগণ দৈবজ্ঞ যতেক।
সমস্তকে গাৱে গাৱে তুষিলা প্ৰত্যেক॥
ৰাজ্যক পুষিলা অন্ন জল কৰি দান।
নাহিকয় যুবৰাজ তাহান সমান॥
সম দম ভেদ দায় অস্ত্ৰ শাস্ত্ৰ যত।
শৌচাচাৰ গীত বাদ্য সবাতে পাৰ্গত॥
সুন্দৰ শৰীৰ ধীৰ গম্ভীৰ স্বভাৱ।
দেব দ্বিজ সাধু ভক্ত পূজে সৰ্ব্বভাৱ॥
নাহি লোভ মোহ উপবাসে সদা মন।
দুষ্টক দণ্ডয় বৈৰ কৰে সংহাৰণ॥
সত্যবাদী জিতেন্দ্ৰিয় জানে কাল দেশ।
পৰ উপকাৰে মতি ধৰ্ম্মাত্মা বিশেষ॥
মন্ত্ৰীবাক্য সদা নেৰে সবাতে বিনয়।
বল বীৰ্য্য পৰাক্ৰম বুদ্ধি আতিশয়॥
আনে নানা গুণগণ যতেক আছয়।
সংক্ষেপে কহিলো কৰি বাহুল্যক ভয়॥
যুবৰাজ চৰিত্ৰক এহি মানে থওঁ।
তাত পাচে যি কৰিলা তাক কিছু কওঁ॥
যুবৰাজ পাতি পাচে শিৱৰ নন্দন।
কাহাক পাতিবোঁ মন্ত্ৰী গুণে মনে মন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দৰঙ্গৰাজবংশৱালী ৷