১৯৮ অসমীয়া সাহিত্যৰ চানেকি। উজনী চাম এই নিমিত্তে আমাৰ উল্লাস; আমাৰ ঘৰ আৰু ঘৰৰ পৰিয়ালক এড়ি যাম, ঘৰৰ সন্তোষ, এড়িম প্ৰবাসৰ কষ্ট সহিব লাগিব ইয়াক ভাবি মনত অসন্তোষ জম্মিল। এই দুইবো সমান বল। দুফালৰ পৰা দুটা সমান বলে এটাই এফালে আৰু আনটোই আনফালে এটা বস্তুক আকৰ্ষিলে সেই বস্তু দুইৰৰ মাজে গতি কৰে। কোনো এটা বস্তুক সমান দুটা বলব এটাই উত্তৰে আৰু এটাই পুবলৈ টানিলে সেই বস্তুটো উত্তৰ আৰু পূৰ্ব কোনো ফালে নগই ঈশান অৰ্থাৎ উত্তৰ পূব ফালে যায়। কোনো দুটা মানুহৰ বিৰোধ লাগিলে যেতিয়া অনি কোনো লোকে মধ্যস্থ হই দুইকো মিলাই দিয়ে তেতিয়া দুই জনে সাম্য হই দুইও দুইৰো কিছু কিছু কথা এড়ি দি এটা মাজ বাট লৈ মনক সান্তনা দিয়ে। সেইৰূপে আমিও সেই বিপৰীত দুটা বলৰ কাৰ্য্য এইৰূপে সামঞ্জস্য কৰি সান্তনা কৰিলো। ভাবিলো আমি যেতিয়া ভাৰতীয় অৰ্য্য সন্তান সমুদায় ভাৰত আমাৰ ঘৰ। আৰু অসম দেশ আমাৰ ওপজা খোটালি, উজনী আমাৰ সেই খোটালিৰ এফাল মাত্ৰ। আমি একে ঘৰৰ মানুহ, আমাৰ ভিন পৰ নাই। এইৰূপে সান্তনা কৰি বিজয়া দশমীৰ পাছ দিন শনিবাৰে ৰাতি ১০ বজাত গৰুৰ গাড়ীত প্ৰবাসলৈ ওলালো। লগত এজন পৰিচাৰক আৰু এজন্য সাহায্য কবি লোৱা হল। আৰু সেই সকলৰ সুবিধাৰ জন্যে আন এখানি গাড়ী ললো। তাত আমাৰ ইখনত নিব নোৱাৰা বস্তুও তোলা হল। সিদ্ধিদাতা ঈশ্বৰৰ নাম স্মৰণ কৰি ভাষ্যকন্যা পুত্ৰাদিক সমুচিত প্ৰিয় সম্ভাষণ কৰি গাড়ীত উঠি ঘৰ এড়িলো। ঈশ্বৰে যাত্ৰা শুভ কৰোক। ৰাতি জোনাক। আমি যাবলৈ ধৰিলো, কিন্তু কৰ পৰা যাও' এতিয়ালৈকে পাঠক সকলে জানিছে নে নাই কব নোৱাবো। আমি নগাঁৱৰ পৰা ওলাইছে। ইয়াক খাগৰীজানো বোলে। কিন্তু খাগৰীজান যে কিয় বলে ক’ৱ নোৱাৰো খাগৰীজান বুলি যিটো জান আছে সি নগৰৰ পৰা এমাইল দূৰৈ। খাগৰীজান- নগৰ আৰু জানৰ মাজত এখান (এফালে চালে দুখানেই বুলিব পাৰি। গাও)। ই পূৰ্বে অতি সামান্য পমুৱা গাঁৱৰ দৰে এখন গাঁও আছিল। ১৮৩৪ সনত নগাও যেতিয়া বেলেগ এখন জিলা হল, তেতিয়া ইয়াকেই জিলাৰ প্ৰধান নগৰ পতা হল। ইয়াৰ ৰজাঘৰীয় নাম নগাও। বেপাৰী বিলাকে খাগৰীজানেই বোলে। কোনোৱে আকৌ গুদাম বুলিও কয়। ইয়াৰ নগাঁও নাম যে হৈছে ইও আশ্চৰ্যা। পূৰ্বে যি ঠাইক নগাও বুলিছিল সেই ঠাই এতিয়াৰ নগাঁওৰ পৰা ৮ মাইল পূবে। নগাঁও নগৰ কলঙ্গৰ দাতিত। এই কলঙ্গ নদী
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই