১৯৪ অসমীয়া সাহিত্যৰ চানেকি। আমাৰ বৰ মন হল। ইমান দিন যে মন নাছিল এনে নহয়! মন আছিল। বড় মন নাছিল। সৌমাৰ বা উজনীত আমাৰ জন্ম স্থান। এতেকে সেই ঠাই স্বৰ্গতকৈও গৰিয়সী। স্বৰ্গ প্ৰাপ্তিৰ নিমিত্তে তীৰ্থদৰ্শন এতেকে স্বৰ্গতকৈও যি গৰিয়সী সি মহাতীৰ্থ। শুনিছিলো তীৰ্থ লৈ যাবৰ মন হলে তাৰ্থৰাজ সিদ্ধি- দাতা গনেশে শৰেৰে যাত্ৰীৰ মন আকৰ্ষন কৰে। আৰু কোনো ব্যতিক্ৰম হলে কালভৈৰবক তীৰ্থব পবা খেদায় দিয়ে। আমাৰ কিন্তু তীৰ্থ আৰু গনেশ দুইও, আধ্যাত্মিক। সেই আধ্যাত্মিক গনেশেই উজনীলৈ আমাক অকৰ্মিলে; যাবলৈ বৰ মন হল। নগলে ৰক্ষা নাই, শান্তি নাই, নিশ্চয়ে ঈশ্বৰত ভৰসা কৰি যাবই লাগে। ক্ৰমে চিন্তাৰ পৰা প্ৰতিজ্ঞা, প্ৰতিজ্ঞাব পৰা কাৰ্য্য ওলাল কেতিয়া কি উপায়ে যোৱ। ভাল বিবেচনা কৰিব লগা হল। দয়াময় ঈশ্বৰে সময়ও হাতত পেলাই দিলে। প্ৰভু ৰামচন্দ্ৰে বাৱনক বধ কৰিবলৈ বসন্ত কালৰ দুৰ্গোৎসৱ শৰৎ কালত কৰিলে। বিজয়া দশমীৰ দিনা যাত্ৰা কৰি ৰাৱণ বধ কৰিলে। সেই বিজয়া দশমীতে যাত্ৰা কবিলে যাত্ৰা অমঙ্গল নহয়। অধিক কি বছৰেকলৈকে আৰু যাত্ৰা নকৰিলেও হয় বুলি বুঢ়ি আই আৰু আমাৰ হাতত ফলি দিয়া বাপুৱে কইছিল। সৰুৰে পৰা সেই দিন যাত্ৰা কৰিবলৈ শিকাইছিল প্ৰকৃতে শৰৎ কাল পড়িলেই ৰাজপথ মুকলি হয় (বাটে পোৱালী মেলে)। বদ বৰষুণ কমে। মহ উহ নেথাকে এঠাইৰ পৰা এঠাইলৈ যোৱ সুবিধা। বিজয়া শুক্লা দশমী; তাৰ পাছত প্ৰথম ৰাতিও জোনাক। সেই কাৰণেই সেই বিজয়া দশমীত যাত্ৰা ভাল। দেবী দুৰ্গা, সমবেত শক্তি বা মহাশক্তি। দেবীৰ দহখানি হাত দশশা দিকৰ শক্তি। ঐশ্বৰ্য, বিদ্যা, সিদ্ধি আৰু বল এই মহা শক্তিৰ সহচৰ লক্ষী সৰস্বতী, গনেশ, কাৰ্তিক। অসূৰ অজ্ঞান শত্ৰু শক্তিৰ আধাৰ বা বাহনেই সিংহ। শক্তিৰ আবিৰ্ভাব হলে হীন পশুও পৰাক্ৰমী হয়। প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত নৱৰাত্ৰি শক্তিৰ আৰাধনা আৰু উদ্যম! দশমীৰ দিনা কাৰ্য্যক্ষেত্ৰলৈ যাত্ৰা। এই শুভ দিনকেই আমিও যাত্ৰাৰ দিন স্থিৰ কৰিলোঁ। দেশৰ এনে উন্নতি গমনা- গমনৰ এনে সুযোগ। আমাৰ ঘৰৰ পৰা দৈনিক ভাপ জাহাজৰ ঘাট ১৬ ক্ৰোশ। এক ক্ৰোশে ৪ দণ্ডৰ বাট হলে সেই ঠাই ৬৪ দণ্ডৰ অৰ্থাত এক দিবা ৰাত্ৰিতকৈ অলপ অধিক কালৰ বাট। অসম দেশৰ আলি আৰু জল বায়ুক চালে সকলো উপায়তকৈ গৰুৰ গাড়ীৰে যোৱা অতি অন্ততঃ আমাৰ দৰে বহি শুই থকা প্ৰাণিৰ পক্ষে সুবিধা। যিৰূপ গাড়ী সচৰাচৰ পোৱা যায় তাতকৈ নতুন গঠনৰ এখান
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই