পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাভিৰাম বৰুৱা। সোমাব ভ্ৰমণ। এই অসম দেশ আমাৰ মাতৃভূমি! আমি ইয়াতেই উপজিছে। ইয়াতেই শিক্ষা পাইছো। এই দেশৰ নামেই আমি সংসাৰ হাটত বিক। হই আছোঁ। জননী যেনে আদিৰনীয়া আৰু পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেৱাৰ থলি। যাক যি ভাল পাই তাক সি বৰকৈ শলাগে; সেই শলাগিৱ লগীয়া বস্তুৰ যিমান কি দুৰ্বলতা থাওক, যিমান কি আসেৱাহ থাওক সেই বোৰ সেই জনে নেদেখে। এনে ভাৱ দুৰ্বল আৰু স্বাৰ্থপৰ হলেও ই অতি মনোম। ইয়াত প্ৰীতিৰ উচ্চ আদৰ্শ পোৱা যায়। অনেকে ইয়াক অন্ধ প্ৰেম বুলিব পাবে। বলে বোলোক। এইৰূপ নহলে পিতৃমাতৃ গুৰুজন প্ৰতি ভক্তি, সন্তান প্ৰতি স্নেহ ভাৰ্যাৰ প্ৰতি প্ৰেম, দৰিদ্ৰৰ প্ৰতি দযা এই বিলাককে অন্ধ প্ৰেমৰ শাখা বা স্বাৰ্থপৰতাৰ কাৰ্য বুলিব লাগে। যোগী সকলৰ যোগৰ ওপৰতত সেইৰূপ দোষাৰোপ হব পাৰে। দোষেই হওক বা গুণেই হওক সৃষ্টি কাণ্ডলৈ চালে এনে- ভাব মনুষ্য জাতিৰ হৃদযৰ সহজ অৱস্থা। আমাৰ এই দেশ অতি প্ৰাচীন। প্ৰাচীন ইতিহাস পুৰাণত ইয়াৰ বিবৰণ পোৱা যায়। এতিয়া যাক আসাম বোলো সি পৌৰাণিক যুগত কামৰূপ, শোণিতপুৰ, কুণ্ডিল, হিড়ম্ব, জয়ন্তিপুৰ, মণিপুৰ প্ৰভৃতি (কৰি) ৰাজ্যৰ সমষ্টি। কালক্ৰমে এই সকল দেশ পতন হলত সকলে। বোৰেই কামৰূপ বুলি প্ৰসিদ্ধ হল। ত্ৰেতাযুগত ৰামচন্দ্ৰৰ অৱতাব। তেওঁৰ প্ৰপিতামহ ৰঘুৰজাৰ দিনত হাতীৰ নিমিত্ত (এতিয়াৰ দৰেই) কামৰূপ প্ৰসিদ্ধ আছিল। কামৰূপৰ ৰজাই ৰঘূৰ যজ্ঞত বিশেষ মান (সৎকাৰ) পাইছিল। দ্বাপৰ যুগত শ্ৰীকৃষ্ণ অৱতাৰ। সেই যুগতো এই দেশ প্ৰসিদ্ধ আছিল। (মহাভাৰতত বন পৰ্বত তাৰ বিশেষ প্ৰমাণ আছে)। এই কামৰূপ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এই চাৰি পীঠ বা ভাগত বিভক্ত। বঙ্গদেশৰ বগুড়া মহকুমাৰ