পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

সূৰ্য্য খড়ি দৈবজ্ঞ ।

 [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংৰাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্ৰহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গৰাজবংশাৱলী আৰু সংস্কৃত ভাষাত বিখ্যাত বাজমাৰ্তণ্ড নামে জ্যোতীষীয়া গ্ৰন্থৰ এখন পাণ্ডিত্যপূৰ্ণ টীকা লিখিছিল। দৰঙ্গ প্ৰদেশৰ ৰজা সমুদ্ৰনাৰায়ণৰ আদেশত তেওঁ দৰঙ্গৰাজবংশাৱলী নামেৰে নানা ৰঙ্গৰ চিত্ৰেৰে ৰঞ্জিত পুথিখন লিখে। যদিও তেওঁ দৰঙ্গ ৰজাৰ দেশৰ লোকহে আছিল, তথাপি তেওঁৰ পাণ্ডিত্যৰ সন্মানৰ অৰ্থে অসম ৰজায়ো তেওক নিঙ্কৰ মাটি দান কৰিছিল। সেই মাটি দান কৰা তামৰ ফলি এতিয়াও তেওঁৰ বংশৰ শ্ৰীযুত গুণাৰাম দৈবজ্ঞৰ হাতত আছে। এই তামৰ ফলিৰ তাৰিখ হৈছে ১৭২০ শক অৰ্থাৎ ১৭৯৮ ইং চন।]

_____

দৰঙ্গৰাজবংশাৱলী।

আত অনন্তৰে কথা শুনা মহামতি।
বিশ্বসিংহ নাম যিতো প্ৰধান নৃপতি॥
মহাদানী মানী সৰ্ব্ব ধৰ্ম্মত পাৰ্গত।
অম্ৰাৱতী পুৰে পুৰন্দৰ যেন মত॥ ১৪৭॥