পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৬ অসমীয়া সাহিত্যৰ চানেকি। আৰু সুখ বৃদ্ধিয়ে ঘাইকৈ বানিজ্যতে আশ্ৰয় কবে। যি দেশত যি পৰিমাণে বেপাব চলে, সেই, দেশৰ মানুহে সেই পৰিমাণে সুখীয়া হয়। আসামৰ মানুহে অনি সভ্য দেশৰ মানুহৰ দৰে বেপাৰৰ মেলি নেজানে, এই কাৰণে ইয়াৰ মানুহ বিলাক নিৰ্ধনী; যেতিয়ালৈকে তেওঁবিলাক বেপাৰত নিযুক্ত নহয়, তেতিয়ালৈকে দেশৰ উন্নতি হৰৰ উপায় নোলায়। কৃষি বানিজ্য আৰু অন্যান্য ব্যৱসায় (সমাপ্ত)। খেতি আৰু বেহাত বাজে আইন ব্যবস্থা দিয়া, চিকিৎসা কৰা, কাপোৰ বোৱা পাচি খৰাহি সজা, সুতা, কমাৰ, কঁহাৰ, সোনাৰি, বাঢ়ৈ বা আন শিল্পীৰ কাৰ্যকৰা আদি অনেক স্বাধীন ব্যবসায় আছে, আৰু সেইবিলাকৰ দ্বাৰা সুসভ্য দেশবিলাকত বহুলোকে জীবিকা কৰে আৰু সুখে স্বচ্ছন্দে থাকে। প্ৰত্যেক মানুহে এই সকলোবিলাক ব্যবসায় জানিব বা কবিৰ লাগে এনে নহয়; কিন্তু আপোনাৰ সুচল, বুদ্ধি আৰু ইচ্ছা অনুসাৰে এই বিলাকৰ ভিতৰৰ কোনো এটা বা অধিক ব্যবসায় জনা সকলোৰে উচিত, আৰু তদ্বাৰা মানুহৰ সুখ আৰু দেশৰ শ্ৰীবৃদ্ধি হয়। সাধাৰণ কথাত কোৱা যায় যে, “হাৰিৰ বিদ্যা শিকিলেও কালে উপকাৰ। হয়।” কিন্তু আমাৰ দেশৰ চাকৰিৰ দ্বাৰা জীবিকা উলিওৱা বৰলোক সকলে এই হিত বাক্যলৈ মন নকৰি পাচি-খৰাহি-সজা আদি হাতৰ কামবিলাকক নীচ কাৰ্য বুলি ঘিনায়; ই যে তেওঁবিলাকৰ ভ্ৰম, তাক তলত লিখা সত্য ইতিহাসটিৰপৰা বুজিব পাৰি। জৰ্ম্মাণী দেশৰ কোনো এজন ধনী আৰু ডাঙ্গৰলেকে ধন আৰু বিষয় অনিত্য, এতেকে দুখত পৰিলে উপজীব্য কৰিবৰ নিমিত্তে কোনো এটা হাতৰ বিদ্যা জনা উচিত। ইয়াকে বুজি তেনে বিদ্যা শিকাত উৎসাহ দিছিল। তেওঁৰ এজনী সুন্দৰী আৰু বিদ্যাৱতী কন্যা আছিল। পাচে বিষয় আৰু সম্পত্তিৰে তেওঁৰ সমান আন এজন বৰলোকৰ পুতেক এটিয়ে সেই কন্যাৰ ৰূপ গুণৰ দ্বাৰা মোহিত হৈ তেওঁৰ পিতাকৰ আগত বিয়াৰ প্ৰস্তাৱ কৰাত সেই বুঢ়া ভদ্ৰলোকে ডেকাক সুধিলে বোলে “মোৰ জীক সুখেৰে ৰাখিবৰ কাৰণ তোমাৰ কি উপায় আছে?” এই কথাত ডেকা আচৰিত হৈ কলে, তেওঁ বৰলোকৰ লৰা, তেওঁৰ ধন সম্পত্তি